/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dc20917c-49db-4be7-845c-1433928c740f/DHOKUAKHANA_16.jpg)
"লোকতন্ত্ৰ সেনানী"ৰ তালিকাত নাম নাই ঢকুৱাখনাৰ ৬ কাৰাবন্দীৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: অসম আৰু অসমীয়া জাতিৰ জাতিয় অস্তিত্ব ৰক্ষাৰ প্ৰতিখন গণতান্ত্ৰিক গনসংগ্ৰামত ঢকুৱাখনা মহকুমাৰ আত্মোৎস্বৰ্গী যোদ্ধাৰ অৱদান অতুলনীয়। দেশৰ স্বাধীনতা সংগ্ৰামৰ পৰা ভাষা আন্দোলন, অসম আন্দোলন আদি সকলো গণতান্ত্ৰিক সংগ্ৰামত ঢকুৱাখনাবাসীৰ সহযোগিতা আৰু কায়িক অৱদান অনস্বীকাৰ্য ।
কেৱল সেয়ে নহয় ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰত বর্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধাচৰনেৰে গণতান্ত্ৰিক প্ৰতিবাদত ঢকুৱাখনাবাসীৰ সহযোগিতা অংশগ্ৰহণ ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে খোদিত হৈ আছে। তেতিয়াৰ স্বেচ্ছাচাৰী শাসন কালত কংগ্ৰেছ দলৰ চৰকাৰৰ দমন উৎপীড়নৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাবে যুজঁ দি ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাৰ বহুকেইগৰাকী সংগ্ৰামীয়ে মিচা, ডি আই আৰ আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছিল।
এই জটিল সময় চোৱাত অৰ্থাৎ ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ এই কালত সংঘৰ্ষৰ যোদ্ধাসকলৰ মুখ্য সংগঠন "লোক সংঘৰ্ষ সমিতি অসমৰ উদ্যোগত "লোকতন্ত্ৰ সেনানী" সকলৰ নাম তালিকা প্ৰস্তুত কৰি ৰখা হৈছিল। সদৌ ভাৰত লোকতন্ত্ৰ সেনানী যুটীয়া কাৰ্যকৰী সমিতিৰ স্বীকৃতি প্ৰাপ্ত এইখন লোক সংঘর্ষ সমিতি অসমে প্ৰস্তুত কৰা লোকতন্ত্ৰ সেনানীৰ তালিকাত ৰহস্যজনক ভাবে ঢকুৱাখনাৰ সেনানীসকলৰ অৱদানক প্ৰকাশ্যে অৱজ্ঞা কৰি এই তালিকাৰ পৰা বঞ্চিত কৰা পৰিলক্ষিত হৈছে।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতত পৰা এইখন ক্ৰুটিপূৰ্ণ নাম তালিকাত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ আটাইকেইগৰাকী সেনানীৰ নাম অন্তৰ্ভূক্ত নোহোৱাত পৰিয়ালসমূহৰ মাজত এই সমিতিখনৰ পৰিশুদ্ধতাকলৈ প্ৰশ্ন উত্থাপিত হৈছে। সংগৃহীত তথ্য মতে ঢকুৱাখনাৰ মুঠ ৬ গৰাকী যোদ্ধাই সেই জৰুৰীকালীন সময়ত বিভিন্ন ক'লা আইনৰ ধাৰাত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিছিল ।
ঢকুৱাখনা আৰক্ষীয়ে পহিলা জুলাইত ঢকুৱাখনা চাউৰেক গাঁৱৰ বিশিষ্ট বাওঁপন্থী নেতা তথা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী প্ৰয়াত প্ৰমোদ লাহন , ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰা বালিগাঁও নিবাসী প্ৰয়াত ড০ জিতৰাম কলিতা, ঢকুৱাখনা বালিগাঁও নিবাসী ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰয়াত চাৰু চন্দ্ৰ চুতীয়া, ঢকুৱাখনা ন কঁপহুৱা গাঁৱৰ অৱসৰপ্ৰাপ্ত বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক প্ৰয়াত যুগল ভঁৰালী, ঢকুৱাখনা জীয়ামৰিয়া গাঁৱৰ নিবাসী তথা ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ভোগৰাম কোচ আৰু ঢকুৱাখনা জালভাৰী গাঁৱৰ শিক্ষক সৰ্বজিত প্ৰসাদক সেই সময়ত গ্ৰেপ্তাৰ কৰি লখিমপুৰ জিলা কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।
এই কেইগৰাকী যোদ্ধাই ক'লা আইনৰ আচামী হৈ গ্ৰেপ্তাৰ বৰণ কৰাৰ বাবে চৰকাৰী চাকৰি সেৱা বিধি অনুসৰি চাকৰিৰ পৰা নিলম্বিত পৰ্যন্ত হৈছিল । ইতিমধ্যে এই যোদ্ধাসকলৰ ভিতৰত মাত্ৰ দুগৰাকী যোদ্ধা ভোগৰাম কোচ আৰু সৰ্বজিত প্ৰসাদহে জীৱিত থকাৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ সঞ্চিত আৰ্জিত অভিজ্ঞতা বৰ্ণনা কৰি শেহতীয়া ভাবে লোক সংঘৰ্ষ সমিতি অসমে প্ৰকাশ কৰা উক্ত নাম তালিকাত তেঁওলোকৰ নাম সন্নিবিষ্ট নোহোৱাত অতি দুখ আৰু ক্ষোভ প্ৰকাশ কৰে।
বিগত সেই সময়ৰ কাৰাবাসী জীৱনৰ সতে সম্পৃক্ত কোনো নথিপত্ৰ আৰু প্ৰামানিক তথ্য সম্প্ৰতি লগত নথকাৰ কথা ব্যক্ত কৰি যোৱা ১৯৯৮ চনৰ ঢকুৱাখনাৰ শিহৰণকাৰী বানৰ বাবে বহু সমল বিনষ্ট হোৱা বুলি কৈ লখিমপুৰ জিলা কাৰাগাৰ অথবা আদালতত এই তথ্য নিশ্চিত ভাবে উপলব্ধ হ'ব বুলি জানিবলৈ দিলে। অন্যহাতে লোক সংঘৰ্ষ সমিতিৰ এই ক্ৰুটিপূৰ্ণ তালিকাৰ বিপৰীতে ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড এলেকাত এনে কোনোবা প্ৰকৃত সেনানী বাদ পৰি গৈছে নেকি তাক পৰীক্ষণ আৰু নিশ্চিতকৰণৰ বাবে জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়ালৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ে পত্ৰ প্ৰেৰণ কৰিছে।
জিলা প্ৰশাসনৰ এল জি এ/৪২/২০১৯/২২৩৮ নম্বৰৰ যোৱা ৬ জুনত প্ৰকাশ কৰা এক নিৰ্দেশ যোগে সংশ্লিষ্ট ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ডসমূহলৈ পূৰ্বৰ তালিকাখন প্ৰেৰণ কৰি এই তালিকাৰ বাহিৰত যদি কোনোবা সেনানী নিজ নিজ এলেকাত থাকি গৈছে তাক প্ৰামানিক তথ্যসহ ১২ জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। পিছে ঢকুৱাখনাৰ কোনো এটা বিভাগে উক্ত সময়ৰ প্ৰকৃত কাৰাগাৰফেৰৎ বঞ্চিত সেনানী কেইগৰাকীৰ যাবতীয় কোনো প্ৰামানিক নথিপত্ৰ জিলাধিপতিৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম নোহোৱা বুলি জনা গৈছে ।
পৰিণতিত ঢকুৱাখনাৰ উক্ত যোদ্ধা কেইগৰাকী প্ৰাপ্য স্বীকৃতি অথবা ৰাজ্যিক প্ৰেক্ষাপটত নিজৰ নাম খোদিত কৰাৰ পৰা বঞ্চিত হ'ব লগা হোৱাৰ আশংকা নিশ্চিত হৈছে। উল্লেখ্য যে, জিলা প্ৰশাসনে এইসকল বঞ্চিত যোদ্ধাৰ কাৰাবাসকালীন সময়ৰ প্ৰামানিক নথিপত্ৰ লখিমপুৰ জিলা কাৰাগাৰ অথবা আদালতৰ পৰা সংগ্ৰহৰ নিজাববীয়া সামগ্ৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ঢকুৱাখনাৰ প্ৰবঞ্চিত যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালসমূহে ।
Also Read: পল্লৱী গোস্বামী মহন্তক নটৰাজ নৃত্য কলা নিকেতন আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ ৰাজহুৱা সম্বৰ্ধনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us