/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0012c9bb-4b47-4ae9-8622-756d973d3e25/13.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: মাজুলী জিলাৰ লগতে ঢকুৱাখনা মহকুমাৰ পৰা ডিব্ৰুগড় সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰি আৰু পথত একাংশ গধুৰ যানবাহনৰ দৌৰাত্ম্য চলিছে। লোকনিৰ্মাণ পথ বিভাগৰ নীতিনিয়ম জলাঞ্জলি দি বলপূৰ্বকভাৱে গধুৰ যানবাহন চলাচল কৰাই নহয় এই পথত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ কেইবাখনো "হাইট গজ পোষ্ট"( গেট) ভাঙি বিনষ্ট কৰি আহিছে এনেবোৰ গধুৰ বাহনে।
নৱ নিৰ্মিত এই পথ বনাম মথাউৰীৰে দৈনিক অগণন এনে গধুৰ বাহন অবৈধভাৱে চলাচল কৰি থকাৰ সময়তে একাংশ ডাম্পাৰ আৰু গধুৰ ট্রাকে বুধবাৰে পথ নিৰ্মাণ সংস্থাই লোকনিৰ্মান পথৰ নীতি মতে গধুৰ বাহন চলাচল কৰিব নোৱাৰাকৈ স্থাপন কৰা দুখন গেট ভাঙি তচনচ কৰে। এ এছ ০৭ এ চি ০৪১৫ নম্বৰৰ এখন ডাম্পাৰ আৰু ১৬ চকাৰ এখন মালবাহী ট্রাকেপথটোৰ দুখন "হাইট গজ পোষ্ট" ভাঙি বিনষ্ট কৰিছিল। এই সন্দৰ্ভত লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুবিৰ কৰ্মকাৰে বুধবাৰে প্ৰামানিক তথ্য সহ এখন এজাহাৰ দাখিল কৰিছিল ঢকুৱাখনা সদৰ থানাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b1504815-9580-40d4-834c-3b5207615652/8924e378-7ffb-4ee0-afa3-55a4a07b6233.jpg)
ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ সংমণ্ডলৰ বিষয়াই দিয়া চৰকাৰী এজাহাৰৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী বিধি নিয়ম উলংঘা কৰি দৈনিক গধুৰ মালবাহী ট্ৰাক, ডাম্পাৰ, নৈশ বাছ আদিৰ চলাচল কৰি গুৰুত্বপূৰ্ণ পথটোৰ ব্যাপক ক্ষয় ক্ষতি কৰাৰ সন্দৰ্ভত মহকুমা প্ৰশাসনকো বহুবাৰ অৱগত কৰিছিল বিভাগ আৰু নিৰ্মাণ সংস্থাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/83bf38dc-eb64-4de3-876e-1ed18c1cbe60/01df1841-64ce-41e9-90f2-46903f0d7a4c.jpg)
শেহতীয়াভাৱে দুখন এনে গেট বিনষ্ট কৰা বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীযে নীৰৱ স্থিতি লোৱাত বিভাগে উৰ্ধতন মহলক অৱগত কৰা বুলি জনা গৈছে । লোকনিৰ্মাণ বিভাগে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা এনে বাহনৰ প্ৰতি আৰক্ষীয়ে গ্ৰহণ কৰা অহেতুক দৰদ সন্দৰ্ভত মহকুমা, জিলা প্ৰশাসন আৰু বিধায়কক অভিযোগ দাখিল কৰিছে ।