/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/171a3bd0-ef4f-48ce-923e-644e7fca3033/DHOKUAKHONA_14.jpg)
ঢকুৱাখনাৰ মথাউৰী পথ নিৰ্মাণ আঁচনি পৰিদর্শন উপায়ুক্তৰ...
ডিজিটেল সংবাদ ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাত নিৰ্মীয়মান কেইবাখনো চৰকাৰী আঁচনিৰ অগ্ৰগতি মঙ্গলবাৰে বুজ লয় লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বৱানে। এক চৰকাৰী ভ্ৰমনসূচী লৈ মঙ্গলবাৰে ঢকুৱাখনাত উপস্থিত হোৱা উপায়ুক্ত সত্বৱানে প্ৰথমে চিচি টেকেলিফুটা মথাউৰীৰ ওপৰত ৪৩ কোটি টকা ব্যয়ৰে নিৰ্মীয়মান টেকেলিফুটাৰ পৰা লোটাচুৰ পৰ্যন্ত মথাউৰীৰ ওপৰত ঢকুৱাখনা লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত পকীপথৰ কামৰ অগ্ৰগতিৰ বুজ লয়।
লোকনিৰ্মান বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অনুৰাগ দত্ত আৰু অন্যান্য বিষয়াবৰ্গৰ সহযোগত ঠিকাদাৰ সতীশ শৰ্মাৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা পথ চোৱাৰ গুণগত নিৰ্মাণ কাৰ্য পৰিদর্শন কৰি শলাগ লয়। সমান্তৰাল ভাৱে উপায়ুক্ত গৰাকীয়ে চিচি টেকেলিফুটা মথাউৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ সম্পূৰ্ণ প্ৰায় বান্দেনা খহনীয়া প্ৰতিৰোধ আঁচনিখন পৰিদর্শন কৰি সন্তোষ প্ৰকাশ কৰে।
তাৰোপৰি বাঘচুক মাতমৰাৰ স্পৰ্শকাতৰ অংশ আৰু তাকাৰচুকৰ এম এন আৰ শিতানত নিৰ্মীয়মান খহনীয়া প্ৰতিৰোধ আঁচনিখনৰ গুণগত কাম পৰিদর্শন কৰে। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো ,সহকাৰী অভিযন্তা কৃষ্ণ কান্ত পেগুৱে সহযোগিতা আগবঢ়োৱা এই পৰিদর্শন কার্যসূচীত ইতিমধ্যে সফলতা অৰ্জন কৰা প্ৰতিৰোধ আঁচনিৰ প্ৰত্যক্ষ কৰি তাকাৰচুকত চলি থকা গৰাখহনীয়া আচঁনিখন প্ৰাককলন অনুসৰি ৰূপায়ন কৰাৰ বাবে বিভাগীয় বিষয়া সকলক আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে।