ৰন্ধন গেছৰ জালিয়াতি, চিলাপথাৰত ট্ৰাকসহ চাৰি শতাধিক চিলিণ্ডাৰ জব্দ...

ৰাজ্যত অব্যাহত আছে ৰন্ধন গেছৰ বৃহৎ জালিয়াতি। চিলাপথাৰত আৰক্ষীৰ অতৰ্কিত অভিযানত ট্ৰাকসহ চাৰি শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ । আৰক্ষীয়ে আটক কৰিছে এজনক

author-image
Asomiya Pratidin
New Update
ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্যত অব্যাহত আছে ৰন্ধন গেছৰ বৃহৎ জালিয়াতি। চিলাপথাৰত আৰক্ষীৰ অতৰ্কিত অভিযানত ট্ৰাকসহ চাৰি শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ । আৰক্ষীয়ে আটক কৰিছে এজনক ।

Advertisment

শুকুৰবাৰে মাজনিশা চিলাপথাৰ থানাৰ অন্তৰ্গত গেলুৱাত আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি বি কুলি নামৰ লোকজনৰ চৌহদত অভিযান চলাই ৩৭০ টা ভৰ্তি ৭৫ টা খালী চিলিণ্ডাৰ উদ্ধাৰ কৰি জব্দ কৰে। জব্দ হয় চিলিণ্ডাৰ কঢ়িওৱা AS07/6931 নম্বৰৰ এখন ট্ৰাক।

অভিযোগ মতে অৰুণাচল প্ৰদেশলৈ বুলি ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকখনে নিৰ্দিষ্ট স্থানলৈ নগৈ গেলুৱাৰ বিৰলাৰ ঘৰতে ৰন্ধন গেছৰ চিলিণ্ডাৰ সমূহ নমাই গেছ উলিয়াবলৈ প্ৰস্তুতি লৈ থকা সময়তে ট্ৰাকখনৰ লগতে চিলিণ্ডাৰবোৰ উদ্ধাৰ কৰে আৰক্ষীৰ দলে।

এই কাণ্ডত জড়িত বুলি সন্দেহ কৰি গাডীখনৰ চালক জনকো আটক কৰিছে। অভিযোগ মতে অঞ্চলটোৰ গেলুৱাত চিলিণ্ডাৰৰ বেপাৰী মনোজ নামৰ লোকজনে দীৰ্ঘ দিনৰ পৰাই সঁজুলিৰ সহায়ত চিলিণ্ডাৰৰ পৰা গেছ কাঢ়ি গ্ৰাহকক কমকৈ ইন্ধন বিতৰণ কৰি এই চক্ৰই মুনাফা লুটি আহিছে । ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। গ্ৰাহকক ৰামটাঙোন সোধাই ইন্ধন চুৰি কাৰ্য চলাই অহা চক্ৰটোক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে।

Also Read: বিহালীত অচিন ৰোগত পৰি একেটা পৰিয়ালৰ তিনি যুৱতীৰ মৃত্যু...

Silapather cylinder seized