/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/60ed551e-0110-4af6-970d-c6c325366fac/17.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা নগৰৰ মাজেৰে চিৰ প্ৰবাহিনী চাৰিকড়ীয়া নদীক প্লাষ্টিক মুক্ত কৰি নদীৰ অৱবাহিকাত হোৱা গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ এক সমজুৱা কৰ্মসূচী বুধবাৰৰ পৰা আৰম্ভ হৈছে। ঢকুৱাখনা সদৰৰ শিৱ মন্দিৰৰ সমীপৰ পৰা বলাইঘাট পৰ্যন্ত এই বৃহৎ এলেকাৰ নদীপৰিয়া ৰাইজে একত্ৰিত হৈ বুধবাৰৰ পৰা হাতে কামে লাগি গৈছে খহনীয়া প্ৰতিৰোধ আৰু ভূমি সংৰক্ষণেৰে নদীৰ পাৰৰ সৌন্দৰ্য বৰ্ধনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/19814b06-d82e-4d3f-8e8d-82181b3c6999/f5e332fa-bb35-43c4-923c-ad6af9c15d68.jpg)
বুধবাৰে পৰিৱেশ দিৱসৰ দিনা নদীৰ পাৰৰ জনবসতিপূৰ্ণ বৃহত্তৰ এলেকাৰ ৰাজপথৰ দাঁতি পৰিছন্ন কৰি বনানিকৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। মহঘুলি চাপৰিৰ নাৰী শক্তি , গাঁওৰক্ষী সমিতি, মিচিং জাতীয় সংগঠনৰ লগতে সমূহ ৰাইজৰ একত্ৰিত প্ৰচেষ্টা আৰু আৰ্থিক বৰঙণিৰে ৰূপায়িত হব লগা এই খহনীয়া প্ৰতিৰোধ ,ভূমি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কৰ্মসূচী শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c8a4e921-e519-4c27-8581-67160170ad3a/2c666382-cedb-40e8-ac3d-ebe130e22795.jpg)
পুৱাই গাঁওৰ পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহি বন বিভাগৰ সহযোগত প্ৰায়,৩০০ জোপা কাঞ্চন,অৰ্জুল , কঠাল , শিলিখা, জামুক তিতাচপা , নাহৰ আদি গছৰ পুলি ৰোপণ কৰে। চৰকাৰী গৰাখহনীয়া প্ৰতিৰোধ আঁচনিযে ঢুকি নোপোৱা এই বৃহত্তৰ অঞ্চলৰ ৰাইজে নিজস্ব ভাবে অৰ্থ সংগ্ৰহ কৰি বাঁহ ক্ৰয় কৰি গধূলি পৰ্যন্ত গছপুলি ৰোপণ কৰে আৰু জেউৰা দি গছপুলি সমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/96505fb4-8464-4f0b-90ba-da7fa4dd5d3a/c6ef48bc-d5a4-4713-b28b-225a2a57c558.jpg)
বৃহত্তৰ এলেকাটোৰ প্ৰায় ১২৯.টা পৰিয়ালৰ বাসভূমি এই মহঘুলি চাপৰিবাসী ৰাইজে সমজুৱা শ্ৰমদানেৰে এই সময়োপযোগী পদক্ষেপৰ শুভাৰম্ভ কৰি বলাইঘাট পৰ্যন্ত সমগ্ৰ এলেকা সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৰাইজে। নদীপৰিয়া ৰাইজে বৃহত্তৰ এলেকাতোলৈ প্ৰচণ্ড ভাবুকি নমাই অনা নদীখনৰ খহনীয়া প্ৰতিৰোধ , বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জলজীৱন মিছনৰ এখন আঁচনি ৰূপায়ন ,দৰিদ্ৰ পৰিয়ালৰ মাজত অনাময় ব্যৱস্থা উপলব্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিধায়ক নব দলে ,এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ জৰুৰী হস্তক্ষেপ কামনা কৰে। ৰাইজে মুঠ ১০ বিঘা মাটিকালিত ৰাজহুৱা শ্ৰমদানেৰে সেউজীকৰণ কৰাৰ প্ৰয়াস চলোৱা বুলি জানিবলৈ দিলে।
Also Read: নগাঁও লায়ন্স ক্লাবৰ সৌজ্যনত বৃক্ষ ৰোপন কাৰ্যসূচী...