ঢকুৱাখনা অগপৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ শক্তিশালী সাংগঠনিক ভেঁটি বিশিষ্ট ঢকুৱাখনা বিধান পৰিষদ সমিতিৰ নৱ নিৰ্বাচিত সমিতিখনে সোমবাৰে আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা অগপৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ  শক্তিশালী সাংগঠনিক ভেঁটি বিশিষ্ট ঢকুৱাখনা বিধান পৰিষদ সমিতিৰ নৱ নিৰ্বাচিত  সমিতিখনে সোমবাৰে আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ  কৰে।  এই সন্দৰ্ভত ঢকুৱাখনা বিধান পৰিষদৰ কাৰ্য্যালয় প্ৰাঙ্গনত এখন সভা অনুষ্ঠিত হয়। বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত নৱ নিৰ্বাচিত সভাপতি মহেশ দলে , সাধৰণ সম্পাদক সমুজ্জল চেতিয়া ,সুৰেন চাংমাই বিত্ত সম্পাদক নিতুল বৰা (টুনটুন)কে  প্ৰমুখ্য কৰি সমূহ নব নিৰ্বাচিত বিষয়ববীয়া উপস্থিত থাকে।

Advertisment

সভাতেই অনাগত ৩ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত বিধান পৰিষদ সমিতিখনৰ হৈ সভাপতি, সম্পাদক আৰু বিত্ত সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলে পূৰ্বৰ সমিতিৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে । সেইদৰে বিধান পৰিষদৰ ভাতৃ আৰু ভগ্নী সংগঠন যুৱ পৰিষদ আৰু মহিলা পৰিষদ সমিতি দুখনৰ নব নিৰ্বাচিত সমিতিৰ বিষয়ববীয়া সকলেও পূৰ্বৰ সমিতিৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে।

তিনিওখন বিধান পৰিষদ সমিতিয়ে আঞ্চলিক দলটোক জনমুখী কৰাৰ লগতে দলটোক আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজৰ আস্থাভাজন কৰি তুলিবলৈ সাংগঠনিক তৎপৰতা গ্ৰহণ আৰু দলৰ বুনিয়াদ সবল কৰাৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে প্ৰতিগৰাকী নতুন বিষয়ববীয়াই সংকল্প গ্ৰহণ কৰে।

Also Read: প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টেঙাখাতত শোভাযাত্ৰা

dhakuakhana agp