/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9c86d82e-a956-491c-a423-3ba075868675/37.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা বি.এড কলেজত শনিবাৰে অনুষ্ঠিত কৰা হয় চলিত শৈক্ষিক বৰ্ষৰ নৱাগত আদৰণি সভা । ২০২৩-২০২৫ শিক্ষা বৰ্ষত নামভৰ্তি কৰা সমূহ প্ৰশিক্ষাৰ্থীৰ উৎসাহপূৰ্ণ অংশগ্ৰহনেৰে শনিবাৰে দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই নৱাগত আদৰণি সভা ।
মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাৰ শুভ উদ্বোধন কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত উপাধ্যক্ষ পুষ্প দত্তই। গাম্ভীৰ্যপূৰ্ণ সভাত সাম্প্ৰতিক পশ্চাদমুখী সমাজ ব্যৱস্থাত উৎকৃষ্ট মানৱ সম্পদ গঢ়াটো অধিক কষ্টকৰ কৰ্তব্য বুলি দত্তই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c8de820b-59d8-42d3-83c9-f1330fadd70c/3d39e20b_03e1_4abd_b861_d9eb5942f44f.jpg)
দত্তই লগতে কয় যে, এখন সমাজ সু-শৃংখলিত আৰু পৰিশীলিতভাৱে পৰিচালিত হ'বলৈ সুশিক্ষিত,সৎ,বিনয়ী, শ্ৰদ্ধাশীল ব্যক্তিৰ অতীব প্ৰয়োজনীয়তা বুলি দোহাৰে। আনহাতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাই এই ক্ষেত্ৰত এক প্ৰভূত সফলতা অৰ্জন কৰা বুলি মন্তব্য কৰে।
২০২৩-২৫ শিক্ষা বৰ্ষৰ নৱাগত আদৰণি সভাৰ মুকলি সভা উদ্ধোধন প্ৰদান কৰা মননশীল ভাষণত প্ৰাক্তন শিক্ষাবিদ দত্তই উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰে এখন প্ৰগতিশীল সমাজ গঢ়াত বৰেণ্য অৱদান থকা শিক্ষক প্ৰশিক্ষাৰ্থী সকলক সমাজৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ বাবে আত্মনিয়োগ কৰিব পৰা সুশিক্ষিত নাগৰিক গঢ়াত মনোনিবেশ কৰাৰ আহ্বান জনায়। ইফালে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়।
সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰকুমাৰ কোঁচে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি তত্বগধুৰ বক্তব্য আগবঢ়ায় । পুৱা ৮ বজাত মহাবিদ্যালয় চৌহদত সমূহীয়া পৰিৱেশ নিকাকৰণ,গছপুলি ৰোপণ, স্মৃতি তৰ্পণ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f87319a0-6878-446c-b974-bdb6af2ea02f/5cc9cee3_3009_425e_b09a_02c8d6f7bd35.jpg)
পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই ৷ আদৰণি সভাৰ সতে সংগতি ৰাখি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী জনাৰ্দন ফুকনৰ পৰিচালনাত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত এক মনোজ্ঞ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ আয়োজন কৰে ৷
দুপৰীয়া মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এক শ্ৰুতিমধুৰ সমবেত সংগীত পৰিৱেশন কৰা হয়। সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন প্ৰশিক্ষাৰ্থী ক্ৰমে হিমাশ্ৰী শইকীয়া, তৃষ্ণা পেগু, অন্তৰীপা হাজৰিকাৰ লগতে অন্যান্য প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কার্যসূচীয়ে সভাখন জীপাল কৰি তোলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2e231386-bd38-45fd-80d0-746b907a20b7/d2867006_0792_4e42_8917_e94a6b564a92.jpg)
মহাবিদ্যালয়খনৰ সমূহ শিক্ষক কৰ্মচাৰীৰ উপৰিও পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ,সদস্য পূৰ্ণ লাহন, বিশিষ্ট নাগৰিক ভোলা নাথ গগৈ আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে ।
Also Read: উপ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান