উপ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান

উপ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদৰ্শক(প্ৰশাসন) ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হয়। আৰক্ষী বিষয়া মহন্তৰ " A Study on Challenges and Practices for Achieving Work-Life Balance in Police Profession with Special Reference to Guwahati Police Commissionerate." শীৰ্ষক বিষয়ত গৱেষণা কৰি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পি.এইচ. ডি. ডিগ্ৰী অৰ্জন কৰে ।

শনিবাৰে অনুষ্ঠিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত আৰক্ষী বিষয়াগৰাকীয়ে অসমৰ সন্মানীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰা আনুষ্ঠানিকভাৱে এই ডিগ্ৰী গ্ৰহণ কৰে। অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰো মুৰব্বী হিচাপে সুখ্যাতিৰে দায়িত্ব নিৰ্বাহ কৰি থকা মহন্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান তথা বৰ্তমান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট বিভাগৰ জ্যেষ্ঠ প্ৰাধ্যপক ৰূপে কৰ্মৰত ডঃ হোমেশ্বৰ গোস্বামীৰ তত্বাৱধানত গৱেষণা সম্পূৰ্ণ কৰিছে ।

এগৰাকী স্তম্ভলেখক, কবি হিচাপেও সু-পৰিচিত, বৰ্তমান গুৱাহাটী নিবাসী ড০ পাৰ্থ সাৰথি মহন্ত শিৱসাগৰৰ বৈকুণ্ঠস্থিত অধ্যাপক শৰৎ মহন্ত আৰু মীনা মহন্তৰ জ্যেষ্ঠ পুত্ৰ । উল্লেখযোগ্য যে অসম ডাউন-টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত দশম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত পাৰ্থ সাৰথি মহন্তসহ ২৭ গৰাকী গৱেষক ছাত্ৰক পি এইচ ডি সন্মান প্ৰদান কৰে। ইয়াৰোপৰি ৩৪৯ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ আৰু ১০৬৪ গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

উপ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান
মানকাচৰৰ হাজিৰহাট সমবায় সমিতিৰ নিৰ্বাচনত জয়ী প্ৰাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in