/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0c22ad4e-ee17-403b-9213-b0dab5ef67fa/1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিকাশ অধিক তৰান্বিত কৰাৰ স্বাৰ্থত শেহতীয়াভাৱে পুনৰ গঠন কৰা হৈছে টাই আহোম উন্নয়ন পৰিষদ। শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ বলিষ্ঠ টাই আহোম নেতা চাও ময়ূৰ বৰগোঁহাইক অধ্যক্ষ, ধেমাজি সমষ্টিৰ চাও ডঃ মহেন্দ্ৰ বৰগোঁহাই আৰু নাহৰকটীয়া সমষ্টিৰ চাও নৰেন চাংমাইক উপাধ্যক্ষ হিচাবে নিযুক্তি দি এখন প্ৰগতিশীল উন্নয়ন পৰিষদ গঠন কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/edc54e50-ec37-4f25-826a-2d751390ddd4/52b060fd_9684_4807_97e2_29005a68ac47.jpg)
ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিৰ্দেশনা নং -ই ৩০৯২৮৫/৪০ অনুসৰি বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত গঠিত এই নৱগঠিত উন্নয়ন পৰিষদখনত ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা প্ৰবীণ যুৱ নেতা চাও সঞ্জীৱ গগৈ আৰু তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক চাও অচ্যুত বুঢ়াগোহাঁইক অন্তৰ্ভুক্ত কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e8e4d47b-50c8-4104-87c0-2b9c6d88114a/6639e50c_0ebe_4ac9_9a79_1db7b6ebcc22.jpg)
বিগত সুদীৰ্ঘ কাল তাই আহোম ছাত্ৰ সন্থাৰ সাংগঠনিক ভেঁটি শক্তিশালীকৰণত নিৰন্তৰ প্ৰয়াস চলাই যোৱা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংঠনিক সম্পাদক তথা তাই সংস্কৃতি গৱেষণা ও বিকাশ কেন্দ্ৰৰ ঢকুৱাখনাৰ প্ৰাক্তন সম্পাদক চাও সঞ্জীৱ গগৈক পৰিষদৰ এনে সন্মানীয় আৰু গুৰু দায়িত্বশীল পদত অধিষ্ঠিত কৰাত ঢকুৱাখনা সমষ্টিবাসী আহোম সমাজ আৰু সংগঠন সমূহ উৎফুল্লিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fe2fc8ef-3f71-4031-95fd-345048e403eb/7c67c61b_2d0a_44c6_9ad5_4ec13b33f99e.jpg)
ঢকুৱাখনা জিলা বিজেপিৰ কোষাধ্যক্ষ পদত অধিষ্ঠিত গগৈৰ জনমুখী আৰু সবল নেতৃত্বত পৰিষদে অধিক গতিশীলতা অর্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে জনগোষ্ঠীটোৰ উন্নয়নকামী ৰাইজ সংগঠনে। নৱগঠিত উন্নয়ন পৰিষদত স্থান প্ৰাপক যুৱ নেতা গগৈ এই পদ মৰ্য্যদাই ঢকুৱাখনা বিধানসভা সমষ্টিত জনগোষ্ঠীয় ৰাইজৰ আশা প্ৰত্যাশাক বাস্তৱ ৰূপ দিব বুলি আশা ব্যক্ত কৰি শুকুৰবাৰে ঢকুৱাখনা জিলা বিজেপিৰ কাৰ্যালয়ত উষ্ণ সম্বৰ্ধনা জনাই জিলা সভাপতি প্ৰদীপ চমুৱা আৰু মণ্ডল সভাপতি সুনীল দলেৰ নেতৃত্বত দলীয় বিষয়ববীয়াসকলে।
শনিবাৰে ঢকুৱাখনা টাই সংস্কৃতি গৱেষণা ও বিকাশ কেন্দ্ৰত অনুষ্ঠিত অসম দিৱসৰ কাৰ্যসূচীত উন্নয়ন পৰিষদৰ নব মনোনীত সদস্য গগৈক উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।ইপিনে ঢকুৱাখনা সমষ্টিৰ যুৱ নেতা ,সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক অচ্যুত বুঢ়াগোহাঁইকো পৰিষদত অন্তৰ্ভুক্ত কৰাত বৰগোঁহাইৰ গৃহভূমি ঘিলামৰাত উল্লাসৰ বন্যা প্ৰবাহিত হৈছে।
Also Read: ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ