ঢকুৱাখনাত দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন এম এ চিৰ অধ্যক্ষ সুনীল পেগুৰ

ঢকুৱাখনাত দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন এম এ চিৰ অধ্যক্ষ সুনীল পেগুৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা : দুখন চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নীতকৰণৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ । ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত বেথাৰাম পেগু মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয় আৰু সদৌ অসম জনজাতি মধ্য ইংৰাজী বিদ্যালয় দুখনৰ শ্ৰেণী কোঠা মেৰামতিৰ বাবে পুঁজি আবন্টন কৰিছে পৰিষদে। 

পৰিষদৰ পূব ঢকুৱাখনা মাতমৰা পৰিষদিয় সমষ্টিৰ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে শিক্ষা বিভাগৰ পৰা মুঠ ৬ লাখ টকা আবন্টন দি এই দুই বিদ্যালয়ৰ গৃহ মেৰামতি কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে । তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে দুপৰীয়া গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুয়োখন বিদ্যালয়ৰ জৰাজীৰ্ণ গৃহ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ অধ্যক্ষ পেগুৱে ।

পৰিষদৰ শিক্ষা বিভাগৰ অধীনৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ  আৱন্টিত পুজিঁৰে নিৰ্মাণ কৰিব লগীয়া দুয়োখন বিদ্যালয়ৰ মেৰামতি কাৰ্যৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিদ্যালয় পৰিয়ালৰ উপৰি স্থানীয় শিক্ষানুৰাগী ৰাইজ আৰু অভিভাৱ সকল উপস্থিত থাকে।

মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দিপাঞ্জল দলে,মোহন পেগু,ঘন কুলি, সদস্য পাৰ্থ মিলিকে ধৰি গৰিষ্ঠ সংখ্যক জিলা আৰু পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ মনোজ দাৰিগ,দিব্য পেগু, জ্যোতিষ দলে আৰু কৰ্মকর্তাসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে। তাৰোপৰি অধ্যক্ষ পেগুৱে বৰবিল প্ৰাথমিক বিদ্যালয় আৰু ভোমা জাৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুখনো পৰিদৰ্শন কৰি শিক্ষাৰ্থীৰে মত বিনিময় কৰে।

এই পৰিদৰ্শন কালত বিদ্যালয় কৰ্তৃপক্ষৰে বিদ্যালয়ৰ অভাৱ সমস্যাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। অধ্যক্ষ পেগুৱে অঞ্চলটোৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ভোমা জাৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা প্ৰত্যক্ষ কৰি আগত বিত্তীয় বৰ্ষৰ প্ৰায় ২৫ লাখ টকা আবন্টন দি অগ্ৰাধিকাৰ ভিত্তিত নতুন গৃহ নিৰ্মাণ কৰিব বুলি আশ্বাস দিয়ে।

ঢকুৱাখনাত দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন এম এ চিৰ অধ্যক্ষ সুনীল পেগুৰ
চিত্ৰশিল্পী দিলীপ তামুলীলৈ 'ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ' সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in