আৰক্ষীক পানী খুৱাইছে সুনীল হত্যাকাৰীয়েঃ তদন্তৰ দায়িত্ব CBI'ক অৰ্পণৰ দাবী

আৰক্ষীক পানী খুৱাইছে সুনীল হত্যাকাৰীয়েঃ  তদন্তৰ দায়িত্ব CBI'ক অৰ্পণৰ দাবী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এটা নাৰকীয় হত্যাকাণ্ড । বৰ্বৰতাৰো সীমা চেৰাই যোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈৰ নিৰ্মম হত্যাকাণ্ডই বৃহস্পতিবাৰে ৬টা দিনত ভৰি দিলে। যোৱা ১জুনৰ নিশা ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁওত নিজা ঘৰৰ সমীপতে নিষ্ঠুৰ ঘাটকে বৰ্বৰভাৱে হত্যা কৰি জ্বলাই দিছিল বিজেপি নেতা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক।

নৃশংসতাৰ চূড়ান্ত সীমা চেৰাই যোৱা এই হত্যাকাণ্ডৰ তদন্তৰ ভাৰ অপৰাধ অনুসন্ধান বিভাগৰ লগতে বিশেষ তদন্তকাৰী গোটে গ্ৰহণ কৰিছিল। কিন্তু বিগত ৫ টা দিনত হত্যাকাণ্ডৰ বাস্তৱ উদ্দেশ্য, হত্যাকাৰী আৰু সহযোগী ঘাটকসকলক চিনাক্ত কৰাত নির্লজ ভাবে ব্যৰ্থ হৈ আহিছে আৰক্ষী। অসম আৰক্ষীৰ বাবে ভয়ানক প্ৰত্যাহ্বান আৰু সন্মানৰ প্ৰশ্ন হিচাবে বিবেচিত হোৱা এই জঘন্য হত্যাকাণ্ডত অসম আৰক্ষীৰ অন্যতম ব্যৰ্থতা হ'ল গগৈৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰিব নোৱাৰাতো।

দিনে ৰাতিয়ে খাল বাম একাকাৰ কৰি নিৰন্তৰ সন্ধান চলায়ো মুণ্ড উদ্ধাৰত ব্যৰ্থ হৈছে স্মাৰ্ট অসম আৰক্ষী। দিনৰ পাছত দিন ধৰি হত্যাকাৰী আৰু হত্যাকাণ্ডৰ সঠিক, সু নিশ্চিত তথ্য উদ্ধাৰৰ লগতে মুণ্ড উদ্ধাৰত স্মাৰ্ট আৰক্ষী ব্যৰ্থ হোৱাত হতাশ হৈছে মৃতকৰ আত্মীয় স্বজন। অসম আৰক্ষীৰ সকলো কাৰিকৰী শক্তিক চেলেঞ্জ কৰি হত্যাকাণ্ডৰ নায়ক নিৰাপদে থকা আৰু  ছিন্ন মুণ্ড লৈ উধাও হোৱাৰ পাছতো তাক উদ্ধাৰত নির্লজভাৱে ব্যৰ্থ হোৱা ঘটনা ক্ৰমে ৰাজ্যখনৰ গৃহ বিভাগৰ সক্ৰিয়তালৈ প্ৰশ্ন তুলিছে । হত্যাকাৰীক চিনাক্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰা অসম আৰক্ষীয়ে উপায়ন্তৰ হৈ হত্যাকাৰীৰ সঠিক সন্ধান দিওঁতালৈ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰ হিচাবে ঘোষণা কৰিছে । আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য যোগানৰ বাবে যোগাযোগ কৰিবলৈ 6026900825 মবাইল নম্বৰ ৰাজহুৱা কৰিছে ।

প্ৰতিদিনে হত্যাকাৰী আৰু ছিন্ন মুণ্ড উদ্ধাৰৰ আশাত বন্দী ন্যায়কামী ৰাইজ আৰু দুৰ্ভগীয়া পৰিয়ালক আশ্বস্ত কৰিব নোৱাৰা অসম আৰক্ষীৰ ওপৰত আস্থা বিশ্বাস টুটি অহাৰো অভিযোগ উঠিছে । বুধবাৰে নিশা মৃতকৰ ঘৰত অনুষ্ঠিত শুভ্যানুধ্যায়ী গঞা ৰাইজৰ আলোচনা কালত এনে বিষয়েও ব্যাপক চৰ্চা লাভ কৰে । অসম আৰক্ষীক হায়ৰান কৰি একপ্ৰকাৰৰ নচুৱাই  তোলা নৰহত্যাকাৰীৰ এই সমস্ত  নাৰকীয় ঘটনাৰ তদন্তৰ ভাৰ সেয়ে অসম আৰক্ষীয়ে "কেন্দ্ৰীয় অনুসন্ধান আয়োগ"(চি বি আই)ক হস্তান্তৰ কৰাৰ দাবী তুলিছে ৰাইজে।

হত্যাকাণ্ডৰ উদ্দেশ্য আৰু পাষণ্ড হত্যাকাৰীৰ পৰিচয় জানিবলৈ উৎসুক আত্মীয় স্বজন আৰু স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে এই গোচৰৰ তদন্তৰ দায়িত্ব চি বি আই'ক অৰ্পণ কৰাৰ বাবে মুখ্যমন্ত্ৰী অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। ঢকুৱাখনা মহকুমা মহিলা সমিতি ,ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন আদি বিভিন্ন সংগঠনৰ তৰফৰ পৰাও এই দাবী উত্থাপিত হৈছে। কেৱল অপৰাধী মানসিকতাৰ পেছাদাৰী হত্যাকাৰীৰ দ্বাৰা স্থানীয় সূত্ৰৰ সহযোগত এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰি চি বি আইক ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণৰ দাবী সমস্বৰে উথাপিত হৈছে ঢকুৱাখনাত।  উল্লেখ্য যে এই বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/২০১/৩৪ ধাৰাত এক গোচৰ ( নং--৩৯ /২০২৪)পঞ্জীয়ন হৈছে আৰু তদন্ত অব্যাহত আছে ।

আৰক্ষীক পানী খুৱাইছে সুনীল হত্যাকাৰীয়েঃ  তদন্তৰ দায়িত্ব CBI'ক অৰ্পণৰ দাবী
গীতানগৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সন্মুখত পৰিতক্ত জেচিবিয়ে শংকা নমাইছে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in