/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/195cf750-d6d0-4e23-ac8a-84feeabfd7ed/2.jpg)
ডিজিটেল ডেস্কঃ মহানগৰী গীতানগৰ গুৰুকল গ্ৰামাৰ স্কুললৈ যোৱাৰ পথত তীব্ৰ যানজট। যোৱা ১০-১৫দিন ধৰি বিদ্যালয়খনলৈ উঠি যোৱা পথৰ সন্মুখত বিকল হৈ পৰি আছে এখন জেচিবি। এই জেচিবিখনৰ বাবে ভিষন সমস্যাৰ সন্মুখীন হৈছে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল। অভিভাৱকসকলে যানবাহন শাখাৰ আৰক্ষীক বিষয়টো অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fb301f29-b1c0-4219-a1aa-0ab763d2e239/353b98c7-5642-407f-ab6d-126647afdf66.jpg)
উক্ত পথ ছোৱাত চলি থকা কামৰ বাবে অনা এই জেচিবিখন বিকল হোৱা পিছত বিদ্যালয়খনৰ সন্মুখৰ পৰা আঁতৰাই নিবলৈ জিএমচিৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এক সূত্ৰ মতে এই বিকল জেচিবিখন টানি নিবলৈ দিয়া টকা কোনো কৰ্মচাৰীৰ জেপত সোমালে। শেহতীয়াকৈ জেচিবিখনৰ ইঞ্জিনটো মেৰামতিৰ বাবে খুলি নিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d37e225f-c19b-431d-bac8-6ab2b7774ca3/1ee88495-f254-4c28-b8f7-18cd1128e4be.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/16bfd325-dcfb-4e68-9cf9-4107a305e6d9/30182070-d4c0-4923-bb0d-2dc9ebcbb31c.jpg)
বৰ্তমানো জেচিবিখন এই স্থানতে পৰিতক্ত অৱস্থাত থকাত পথ সুৰক্ষাৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। যিকোনো সময়তে এই জেচিবিখনৰ বাবে ভয়ানক পথ দুৰ্ঘটনা হোৱাৰে সম্ভৱনা আছে। স্থানীয় লোক তথা গুৰুকুল গ্ৰামাৰ স্কুলৰ অভিভাৱকসকলে বিষয়তো গুৰুত্ব সহকাৰে ল'বলৈ জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাক আহ্বান জনাইছে।
Also Read: সৰ্বভাৰতীয় মেডিকেল প্রৱেশ পৰীক্ষাত নগাঁৱৰ ডাছোৱানী ক্লাছেচৰ সাফল্য...