গুৱাহাটী পালেহি এম ভি গংগা বিলাস...

গুৱাহাটী পালেহি এম ভি গংগা বিলাস...

author-image
Asomiya Pratidin
New Update
গুৱাহাটী পালেহি এম ভি গংগা বিলাস...

গুৱাহাটী পালেহি এম ভি গংগা বিলাস...

ডিজিটেল ডেস্কঃ গুৱাহাটী পালেহি এম ভি গংগা বিলাস। আজি কিছু সময়ৰ পূৰ্বে এই এম ভি গংগা বিলাস গুৱাহাটীৰ পাণ্ডু প'ৰ্টত উপস্থিত হয়হি।

Advertisment

উল্লেখ্য যে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিবলগীয়া এই প্ৰমোদকাৰী এম ভি গংগা বিলাস অসমত প্ৰৱেশ কৰাৰ পিছতে পৰ্যায়ক্ৰমে ধুবুৰী, গোৱালপাৰা, শুৱালকুছিত অসমৰ চহকী কলা, সংস্কৃতিৰ সৈতে পৰিচয় হৈছিল।

এই এম ভি বিলাসৰ যাত্ৰীসকলক এই অঞ্চলসমূহৰ চহকী কলা, সংস্কৃতি উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল। তাৰোপৰি এই ঠাই সমূহৰ ঐতিহ্যমণ্ডিত ঠাই সমূহো দৰ্শনৰ ব্যৱস্থা কৰা হৈছিল।

আজি পুৱাৰ ভাগত এম ভি গংগা বিলাস আহি উপস্থিত হৈছিলহি শুৱালকুছিত। ইয়াত তেওঁলোকে শুৱালকুছিৰ পাট, মুগা শিল্পৰ বিষয়ে যাত্ৰীসকলে জ্ঞান আহৰণ কৰাৰ লগতে স্থানীয় খাদ্যৰ সুৱাদ গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে তেওঁলোকে আহি গুৱাহাটীৰ পাণ্ডু প'ৰ্টত উপস্থিত হয়হি। আজি নিশা গুৱাহাটীত পাৰ কৰাৰ পিছত তেওঁলোকে কালিলৈ পুনৰ গুৱাহাটী এৰি আন আন লক্ষ্যস্থানলৈ যাত্ৰা কৰিব। গুৱাহাটীত তেওঁলোকে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ উপৰিও আন আন নিৰ্দিষ্ট স্থান পৰ্যবেক্ষণ কৰিব।

উল্লেখ্য যে এম ভি গংগা বিলাসে অসমত মুঠ ১৩ দিন ভ্ৰমণ কৰিব। গুৱাহাটীৰ পাছত তেওঁলোকে কাজিৰঙা, মাজুলী হৈ ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'বগৈ। এই এম ভি গংগা বিলাসত ছুইজাৰলেণ্ডৰ ২৬ গৰাকী, জাৰ্মানীৰ ২ গৰাকী পৰ্যটক আছে।

Also Read: অৰুণাচলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু...

এম ভি গংগা বিলাস