/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a7fbcc96-8e72-44a7-b734-12adb332c19b/taburam_taid_31.jpg)
ঘূণাসুঁতিত উন্মোচিত হ'ল টাবুৰাম টাইদৰ স্বৰ্ণোজ্জল প্ৰতিমূৰ্তি...
ডিজিটেল সংবাদ ঢকুৱাখনা: সোণ কমোৱা নদী সোৱণশিৰিৰ পাৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঘূণাসুঁতি । জংকী পানেইৰ এই পবিত্ৰ ক্ষেত্ৰত মঙলবাৰে নব্য সংযোজন ঘটিল মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰবাদ পুৰুষৰ স্থায়ী প্ৰতিমূৰ্তিৰ ।
মিচিং জনগোষ্ঠীয় ৰাইজৰ অন্যতম দিগদর্শক, মিচিং জনগোষ্ঠীৰ পিতামহ ব্যক্তি টাবুৰাম টাইদৰ এক স্বৰ্ণোজ্জল প্ৰতিমূৰ্তি মঙলবাৰে উন্মোচিত কৰা হয়। ঘূণাসুঁতিৰ মিৰিজীয়ৰী মহাবিদ্যালয় চৌহদত মঙলবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষাচাৰ্যগৰাকীৰ পূৰ্ণ অবয়বৰ আৱক্ষ মূৰ্তি ব্যাপক হৰ্ষ উল্লাখ আৰু শ্লোগানৰ মাজত উন্মোচন কৰে মিচিং জনগোষ্ঠীৰ শক্তিশালী নেতা, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
জনগোষ্ঠীটোৰ ভাষা সাহিত্য, লোক নৃত্য, গীত বাদ্য আদিক ৰাষ্ট্ৰীয় ক্ষেত্রখনলৈ উত্তৰণ ঘটোৱাৰ বাবে আমৃত্যু ব্ৰতী হৈ থকা টাইদৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰৰ জনগোষ্ঠীয় পৰম্পৰা অনুসৰি "পীড়"কাটি উন্মোচন কৰে ডাঃ পেগুৱে। মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, মিচিং ভাষাৰ অভিধান, ব্যাকৰণৰ প্ৰণেতা, সাহিত্যিক পেঞ্চনাৰ, চ্যুকাফা বঁটা প্ৰাপক, অৱনৰী দগনৌ উপাধিৰে বিভূষিত প্ৰাতঃস্মৰণীয় ব্যক্তিগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
তাৰোপৰি এম এ চিৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, ইন্দিৰা চিন্তে কুম্বাং, মিচিং আগম কেবাংৰ সভাপতি হৰি নাৰায়ণ পেগু, সাধাৰণ সম্পাদক সুমেশ্বৰ কপ্তাক, প্ৰাক্তন সভাপতি গোবিন টাইদ, টাকাম মিচিং পৰিণ কৌবাংৰ,সম্পাদক চান পাংগিং, টি এম এম কেৰ কেন্দ্ৰীয় সভানেত্ৰী শৰ্মিলা পায়েং আৰু সম্পাদিকা গীতাঞ্জলি বড়ি আদিকে প্ৰমুখ্য কৰি সকলো জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিক নেতৃবৰ্গ আৰু ভাষাচাৰ্যগৰাকীৰ পত্নী বাসন্তী টাইদ,আত্মীয় স্বজনসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উক্ত কাৰ্যসূচীত উপস্থিত থাকে।
তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মিচিং আগম কেবাংৰ সভাপতি হৰি নাৰায়ণ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত প্ৰবাদ পুৰুষ টাইদৰ জীৱন চৰ্যাৰ ওপৰত উন্মোচক ডাঃ পেগু, সাংসদ বৰুৱা, এম এ চিৰ অধ্যক্ষ পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, গোবিন টাইড আদিয়ে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।
সভাত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় টাইদৰ জন্মভূমিত স্থাপিত এই প্ৰতিমূৰ্তিয়ে সমাজৰ, দেশৰ, সভ্যতাৰ প্ৰতি তেওঁ দেখুৱাই যোৱা মহান আদৰ্শ আৰু কৰ্মৰাজি জনগোষ্ঠীয় ৰাইজক সোঁৱৰাই থাকিব। টাইদৰ আদৰ্শেৰে ভৱিষ্যত প্ৰজন্ম আগুৱাই যাবলৈ এই প্ৰতিমূৰ্তিয়ে সদায় অনুপ্ৰেৰণা দি যাব বুলি মন্তব্য কৰে ।
তাৰোপৰি সভাত মন্ত্ৰী ডাঃ পেগুৱে মিৰি জীয়ৰী মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে ঘূণাসুঁতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে শকত পুঁজি আবন্টন কৰাৰ কথা ঘোষণা কৰে। তাৰোপৰি ৰাজ্যখনৰ মুঠ ২৬খন মহাবিদ্যালয়ৰ লগতে মিৰিজীয়ৰী মহাবিদ্যালয়খনো অনাগত সময়ত প্ৰাদেশিকৃত কৰাৰ নিশ্চয়তা প্ৰদান কৰে শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে।
Also Read: সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে- ৰাহুল গান্ধী