সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে- ৰাহুল গান্ধী

সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে- ৰাহুল গান্ধী
সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে- ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰি মঙ্গলবাৰে এক সংবাদ মেল সম্বোধন কৰে। গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মা আদানীৰ ওচৰত আছে।

তেওঁ মোবাইল ফোন নিৰ্মাতা কোম্পানী এপলৰ পৰা অহা এক ইমেইলৰ প্ৰসংগ উত্থাপন কৰি কয়, তেওঁৰ মোবাইল ফোন টেপিং কৰিলেও কোনো গুৰুত্ব নিদিয়ে। তেওঁ কয়, বাস্তৱিকতে ৰজা ৰজা হৈ থকা নাই, ক্ষমতা আন কাৰোবাৰ হাতত আছে। আমি যেতিয়াই আদানীৰ প্ৰসংগলৈ আহো তেতিয়াই চোৰাংচোৱা সংস্থা, চোৰাংচোৱা, চি বি আই আহে। বৰ্তমান আদানী এক নম্বৰত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুই নম্বৰত আৰু অমিত শ্বাহ তিনি নম্বৰত আছে।

ৰাহুল গান্ধীয়ে সংবাদ মেলত এপলৰ ফালৰ পৰা অহা ইমেইলৰ প্ৰিণ্ট কপি দেখুৱাই কয়, সম্পূৰ্ণ বিৰোধীৰ বিৰুদ্ধে এপলৰ জাননী আহিছে। এই জাননী মোৰ কাৰ্যালয়ৰ সকলো লোকে লাভ কৰিছে।তেওঁ কংগ্ৰেছৰ নেতা বেণুগোপাল, পৱন খেৰা, সীতাৰাম য়েচুৰী, অখিলেশ যাদৱ, সুপ্ৰিয়া চতুৰ্বেদী, মহুৱা মৈত্ৰ, ৰাঘৱ চাড্ডা সকলোৱে এই জাননী লাভ কৰাৰ কথা উল্লেখ কৰিছে।

তেওঁলোক সকলোৱে আদানীৰ বিৰুদ্ধে মাত মাতি আহিছে। সম্পূৰ্ণ আন্তঃগাঁথনি আদানীক দি দিয়া হৈছে। যিমান ফোন টেপিং কৰিব বিচাৰে কৰিব পাৰে। এয় মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়।

ৰাহুল গান্ধীয়ে সংবাদ মেলখনত কয়, ''আদানীৰ হাতত দেশৰ সমস্ত জাহাজ বন্দৰ, বিমান বন্দৰ তুলি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কৃষিক্ষেত্ৰও আদানীৰ সুবিধা হোৱাকৈ আইন প্ৰস্তুত কৰা হৈছে। আন্তঃগাঁথনিমূলক ব্যৱসায় তেওঁৰ হাতত। আপুনি খোজ কাঢ়ি যোৱা ৰাস্তাটো নিৰ্মাণ কৰিবলৈ আদানীৰ চিমেণ্ট ব্যৱহাৰ কৰা হৈছে। মোডীয়ে আদানিৰ দৰে তিনি বা চাৰিজন লোকক সমগ্ৰ দেশখন হস্তান্তৰ কৰিছে। ''

''দেশৰ মানুহৰ কষ্টোপাৰ্জিত ধন টেক্স হৈ সোমাইছেগৈ আদানীৰ পকেটত। আমি কয়লাৰ ব্যৱহাৰ কৰিছো, তাতো আদানীৰ টেক্স, ৰে'লত উঠিছো তাতো আদানীৰ টেক্স। এইদৰেই দেশৰ মানুহৰ ধন আদানীপৰ মোডী চৰকাৰে কৌশলেৰে লৈ গৈ আদানীৰ পকেটত ভৰাইছে। ''- সংবাদ মেলত ৰাহুলে কয় এইদৰে।

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনা(উদ্ধৱ থাকৰে)ৰ প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছ নেতা শশি ঠাৰুৰ আৰু পৱন খেৰা আদি নেতাই উল্লেখ কৰা মতে তেওঁলোকেও এপলৰ পৰা জাননী লাভ কৰিছে। এপলে তেওঁলোকক জনাইছে ৰাজ্যৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ ফোনৰ খেলিমেলি কৰিবলৈ চেষ্টা কৰি আছে।

আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাড্ডা আৰু এ আই এম আই এমৰ সাংসদ আসাদুদ্দিন ওৱেইছিয়েও এপলৰ পৰা লাভ কৰিছে জাননী। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও এই বিষয়ত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে। তেওঁ কয়, এয়া অতি দুখজনক ঘটনা। তেওঁ ৰাতিপুৱা এই বিষয়ে জাননী লাভ কৰিছে। এই জাননীত তেওঁৰ ফোন হেক কৰাৰ কথা কোৱা হৈছে। তেওঁ কয়, দুখৰ বিষয় যে, কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰত স্বাধীনতা আৰু গোপনীয়তা ধ্বংস কৰিব বিচাৰে। কিহৰ বাবে চোৰাংচোৱা? ইয়াৰ তদন্ত কৰা উচিত।

সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে- ৰাহুল গান্ধী
ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in