ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা...

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা...

ডিজিটেল সংবাদ, ঢকুৱাখনা : বিশিষ্টা লেখিকা  শিক্ষাবিদ ,ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈলৈ আগবঢ়োৱা হৈছে ২০২৪ বর্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা। ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ সভাপতিৰ পদত অলংকৃত কৰা বিশিষ্টা শিক্ষাবিদ গগৈক ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱাত শৈক্ষিক সম্ভ্ৰম ভূমি ঢকুৱাখনাত আনন্দৰ বন্যা প্ৰবাহিত হৈছে।

Advertisment

১৯৮৮ চনতে শিক্ষকতাৰ পবিত্ৰ জীৱনৰ পাতনি মেলা গগৈয়ে ২০১৬ চনত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পদত অধিষ্ঠিত হৈছিল । একেৰাহে সাহিত্য চৰ্চা, বিদ্যায়তনিক শিক্ষা প্ৰদানৰ সমান্তৰালভাৱে সুদক্ষ প্ৰশাসনিক মুৰব্বী হিচাপে দায়িত্ব পালন কৰি যোৱা শিক্ষাবিদগৰাকীয়ে ইতিমধ্যে বহুসংখ্যক মননশীল লেখা প্ৰকাশ কৰি  ভাষা আৰু কাব্য সাহিত্যৰ ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে ।

ঢকুৱাখনা পৌৰসভাৰ  অন্তর্গত কোঁৱৰগাঁও নিবাসী জ্যেষ্ঠ অধিবক্তা শোভন বৰুৱাৰ পত্নী গগৈয়ে শৈক্ষিকক্ষেত্ৰখনলৈ আগবঢ়াই অহা অতুল্য অৱদানৰ বাবে ৰাজ্যিক স্তৰত উজলি উঠাত বিদ্যালয় তথা পৰিয়ালৰ লগতে প্ৰাক্তন শিক্ষক, শিক্ষাৰ্থী , কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰিছে । মঙলবাৰে এই শুভ সংবাদ লাভ কৰি বিদ্যালয় পৰিয়াল আৰু শুভাকাংক্ষীসকলে উষ্ণ অভিনন্দন জনায় ।

ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ উমৈহতীয়া মঞ্চ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ দুটা কাৰ্যকালৰ বাবে সভানেত্ৰী হিচাবে গুৰু দায়িত্ব পালন কৰি মাধ্যমিক শিক্ষা ব্যৱস্থাৰ উত্তৰণত অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই গৈছিল গগৈয়ে।

তদানীন্তন শিক্ষা বিভাগৰ উপদেষ্টা আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ননী গোপাল মহন্তৰ অধ্যক্ষতা আৰু ৰমেশ চান্দ জৈনক সদস্য সচিব হিচাপে গঠিত দহজনীয়া High Level Committee ৰ এগৰাকী সন্মানীয় সদস্য হিচাপে সেৱা আগবঢ়াই যোৱাৰ উপৰিও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ , মাধ্যমিক শিক্ষা পৰিষদ, অসম আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কৰ্মশালাত আমন্ত্ৰিত সদস্য হিচাপে অংশগ্ৰহণ কৰি আহিছে বঁটাপ্ৰাপক গগৈয়ে।

ৰাষ্ট্ৰীয় শিক্ষা- নীতি, ২০২০ ৰ বাবে বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ লগতে চলিত বছৰৰ জুলাই মাহত NIEPA ৰ দ্বাৰা নতুন দিল্লীত অনুষ্ঠিত " Good Governance in School Education : Prospects and Innovative Practices " শীৰ্ষক তিনিদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিল গগৈয়ে।

সদৌ অসম লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা শাখাৰ প্ৰাক্তন সম্পাদিকা, মুখপত্ৰ মনস্বী আৰু বিকাশৰ ক্ৰমে সম্পাদিকা আৰু তত্বাৱধায়ক আৰু অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য গগৈয়ে জিলাখনৰ একমাত্ৰ বঁটা প্ৰাপক হিচাবে নিৰ্বাচিত হৈ ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমান সমুজ্জল কৰি তোলাৰ বাবে সমগ্ৰ ঢকুৱাখনাবাসী গৌৰান্বিত ।

উল্লেখযোগ্য যে আগত শিক্ষক দিৱসৰ দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "ৰংঘৰ " প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য শিক্ষা বিভাগৰ কেন্দ্ৰীয় শিক্ষক দিৱসত এই ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Also Read: বিশাল ফুকনৰ পাছত চুমি বৰাৰ সন্ধানত নামিছে আৰক্ষী...

dhakuakhana