জি এছ পি দলৰ ব্যাপক খহনীয়া

ক্ষুব্ধ সদস্যই প্ৰত্যাহাৰ কৰিলে দলৰ সদস্য পদ।
জি এছ পি দলৰ ব্যাপক খহনীয়া

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলা অন্তৰ্গত মুছলপুৰত দিহিৰা সমষ্টিৰ অন্তৰ্গত ডুমুনী ভিচিডিচিৰ দুগৰাকী সক্ৰিয় জি এছ পি কৰ্মীয়ে আজি সংবাদমেল যোগে দলীয় পদ প্ৰত্যাহাৰ কৰে। কমলেশ্বৰ তাতি আৰু খনিন দাস নামৰ দুগৰাকী জি এছ পি কৰ্মীয়ে উজাৰিলে ক্ষোভ। দীৰ্ঘদিনৰ অবড়ো সংগ্ৰামৰ পিছত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই পাৰিষদ আৰু পৰবৰ্তী সময়ত গণ সুৰক্ষা পাৰ্টি চমুকৈ জি এছ পি গঠন কৰি বিটিচিৰ কাৰ্যবাহী সদস্য হোৱা ঘনশ্যাম দাসৰ সংগ এৰিব লৈছে একাংশই।

কাৰ্যবাহী সদস্য গৰাকীৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰি জি এছ পি দলৰ দুগৰাকী প্ৰাথমিক সদস্য ক্ৰমে কমলেশ্বৰ তাতি আৰু খনিন দাসে আজি মুছলপুৰত সংবাদমেল যোগে কয় যে, "জাতি-মাটি-ভাষা ৰক্ষাৰ স্বাৰ্থত আৰু সমষ্টিৰ সামগ্ৰিক বিকাশৰ বাবে ৰাইজে বহু এইগৰাকী ব্যক্তিক জয়যুক্ত কৰিছিল আৰু আমিও বহুখিনি আশা বুকুত বান্ধি তেওঁৰ কাষত থিয় দিছিলো। কিন্তু নিজে কিবা পোৱা দূৰৰে কথা গাঁৱৰাজহ সদস্য হৈও চৰকাৰী আঁচনিয়েই হওক বা আন কিবা সামগ্ৰী আহক একো খবৰ নাপাওঁ, কোনোবাই কিবা সুধিলে মনে মনে থাকিবলগীয়া হয়। মুঠৰ ওপৰত নিজৰ মুনাফা আদায়ৰ বাবে এইগৰাকী কাৰ্যবাহী সদস্যই আমাৰ দৰে সদস্যৰ লগতে ৰাইজক ব্যৱহাৰ কৰিছে। সেয়ে আমি জি এছ পি দলত নথকাৰ সিদ্ধান্ত লৈছো আৰু অবড়ো হৈ অবড়ো ৰাইজৰ হকে সংগ্ৰাম কৰি যাম।"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in