/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a295e013-033a-4407-b7f1-15e0997f5237/coal_9.jpg)
নামচাঙত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ সন্ধানহীন বৰহোলাৰ যুৱক...
ডিজিটেল সংবাদ ঘিলাধাৰীঃ নামচাঙত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ সন্ধানহীন হৈ আছে বৰহোলা পানীখেতি চেনীজান গাঁৱৰ নিবাসী হেমন্ত বৰা (৪৪) নামৰ লোকজন ৷যোৱা ২৫ ডিচেম্বৰ দিনা গাঁৱৰ কেইজনমান ব্যক্তিৰ সৈতে ঘৰৰ পৰা নামচাঙলৈ কয়লাখনিৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল৷
নিজৰ মোবাইল ফোন নথকাৰ কাৰণে কামলৈ যোৱা পিছত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল হেমন্ত বৰাই৷ ৩১ ডিচেম্বৰ দিনা লগত যোৱা ব্যক্তি কেইজনৰ সৈতে পত্নী পূৰ্ণিমা বৰাই যোগাযোগ কৰাত কামৰ ঠাইৰ পৰা তেঁও স্বামী নিৰুদ্দেশ হৈ থকা কথা জনায়৷
ইয়াৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ লাগে৷ এই সন্দৰ্ভত পত্নী পূৰ্ণিমা বৰা পৰিয়ালৰ লোকৰ সৈতে গেলকীৰ আৰক্ষী থানাৰ কাষ চপাত আৰক্ষীয়ে পত্নীক নাগালেণ্ডৰ যি স্হানত কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল সেই স্থানৰ সংশ্লিষ্ট আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিবলৈ কোৱা বুলি জানিবলৈ দিয়ে৷ ইয়াৰ পিছতে উপায়হীন হৈ ঘৰলৈ ঘূৰি আহিব লগা হয়৷
Also Read: আজিৰে পৰা কাজিৰঙাত হ'ব স্থায়ী আৰু জলচৰ পক্ষী গণনা...