শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ পদব্ৰজে লখিমপুৰৰ উমাকান্ত সন্দিকৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ পদব্ৰজে লখিমপুৰৰ উমাকান্ত সন্দিকৈ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক, পেছাত তেওঁ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। নাম তেওঁৰ উমাকান্ত সন্দিকৈ। অহা ৯,১০,১১ ফেব্ৰুৱাৰীত ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ পদব্ৰজে যাত্ৰা কৰি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে এইগৰাকী ধৰ্মপৰায়ণ ব্যক্তি লখিমপুৰৰ উমাকান্ত সন্দিকৈয়ে।

লখিমপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক- নাওবৈচা আঞ্চলিক শাখাৰ অন্তৰ্গত লালুক প্ৰাথমিক শাখাৰ সংগী উমাকান্ত সন্দিকৈয়ে কালি পুৱা ৪-৩০ বজাত নিজ গৃহৰ পৰা গোঁসাই ঘৰত সেৱা কৰি অধিৱেশন থলী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰাৰ পিছত বৃহস্পতিবাৰে বিয়লি তেওঁ গহপুৰ মহকুমা অতিক্ৰম কৰিছে।সেই অনুসৰি তেওঁ প্ৰায় ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ খোজকাঢ়ি অতিক্ৰম কৰি উপস্থিত হ'ব ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলীত।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ পদব্ৰজে লখিমপুৰৰ উমাকান্ত সন্দিকৈ
অসম চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in