গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ স্থগিতঃ ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত দিব চাকৰিৰ নিযুক্তি পত্ৰ...

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ স্থগিতঃ ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত দিব চাকৰিৰ নিযুক্তি পত্ৰ...
গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ স্থগিতঃ ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত দিব চাকৰিৰ নিযুক্তি পত্ৰ...

ডিজিটেল ডেস্কঃ ১১ মে’ত প্ৰদান কৰা নহয় অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি মণিপুৰৰ বৰ্তমানৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ বাবে অসম ভ্ৰমণ ২৬ মে'লৈ পিছুৱাই দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। গতিকে অসম চৰকাৰৰ এই নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠান ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'তহে অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৯, ১০ আৰু ১১ মে'ত তিনিদিনীয়া কাৰ্যসূচীৰে কিছু জনকল্যাণমূলক কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰিয়েই ১১ মে'ত নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠান নিৰ্ধাৰিত হৈ আছিল।

কিন্তু গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণ পিছুৱাই দিয়াত এতিয়া সেই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ২৬ মে'তহে অনুষ্ঠিত হ'ব। ২৬ মে'ত নিযুক্তিপত্ৰ গ্ৰহণ কৰি নিযুক্তিপ্ৰাপ্তসকলে অহা ১ জুনত কৰ্তব্যস্থলীত যোগদান কৰিব লাগিব।

উল্লেখ্য, শেহতীয়াকৈ যোৱা ৩ মে'ত ইতিপূৰ্বে অনুষ্ঠিত হোৱা বিভিন্ন বিভাগৰ ডাইৰেক্ট ৰিকিউইটমেণ্ট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। সেই ফলাফল অনুসৰিয়েই কেইবাটাও বিভাগত তৃতীয় বৰ্গত মুঠ ১১ হাজাৰ ৩২৪ টা পদত নিযুক্তি প্ৰদান কৰা হৈছে।

৪ মে’ত ১৪ হাজাৰ ২৮৬ টা চতুৰ্থবৰ্গৰ পদত নিযুক্তি প্ৰদান কৰা হৈছে। আনহাতে আজি ঘোষণা কৰা হৈছে গৃহ, আবকাৰী আৰু বন বিভাগৰ মুঠ ৫ হাজাৰ ৪২১ টা পদত নিযুক্তিৰ ফলাফল।

সেইদৰে আজিৰ নিশাৰ ভাগতে ঘোষণা কৰা হ’ব এল পি আৰু এম ই স্কুলৰ শিক্ষকৰ নিযুক্তিৰ ফলাফল। আনহাতে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফালফল ঘোষণা কৰা হ'ব অহা ১০ মে'ত।

অৱশ্যে স্বাস্থ্য বিভাগৰ ১৯০০ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণাৰ বাবে বিভাগক আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। সেয়ে ১৪ মে'ৰ ভিতৰত এই সকলো পদৰ ফলাফল ঘোষণা সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ উল্লেখ কৰা অনুসৰি সকলো ঠিকেই থাকিলে ২৬ মে'ত ৪৫ হাজাৰৰো অধিক পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ বাবে সকলো বিভাগকে পোষ্টিং আদি বিষয়বোৰ আগতীয়াকৈ ঠিক কৰি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে।

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ স্থগিতঃ ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত দিব চাকৰিৰ নিযুক্তি পত্ৰ...
স্পাইডাৰমেন হ'ব শুভমণ গিল ! ক্ৰিকেটৰ পাছত চিনেমাত দেখুৱাব দক্ষতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in