/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8c386350-0b71-45cd-a204-fbccabba6f16/111.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: উত্তৰ অসমৰ শাক্তধর্মী ভক্ত প্ৰাণ ৰাইজৰ প্ৰধান আৰাধ্য পীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়। ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ ঢকুৱাখনা জানৰ পাৰত অৱস্থিত এই দেৱালয়টো প্ৰায় ৩০০ শতিকা পুৰণি ঐতিহাসিক শক্তি পীঠ। ১৭২২ খ্ৰীষ্টাব্দত প্ৰাণ প্ৰতিষ্ঠা হোৱা এই শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় শদিয়াৰ কেঁচাইখাতি গোঁসানীৰ বিগ্ৰহ স্থাপনেৰে যুগ যুগান্তৰ ধৰি পূজন অৰ্চন কৰি অহা হৈছে । ভক্তপ্ৰাণ ৰাইজৰ মাজত গোঁসানী থান হিচাবে পৰিচিত এই শক্তি পীঠত ব্যাপক আয়োজন চলিছে শক্তিৰ অধিস্থাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ ।
বিগত ১৯৯২ চনৰ পৰা ঐতিহাসিক থানখনৰ বৰপূজাৰী হিচাবে ২০ বছৰৰো অধিক কাল সেৱা আগবঢ়াই অহা লিখন বৰঠাকুৰ আৰু বিধি পাঠক চন্দন বৰঠাকুৰে জনোৱা মতে ভক্তপ্ৰাণ ৰাইজৰ স্তুতি বন্দনাৰে মহালয়াৰ পবিত্ৰ দিনা দেৱীক কৈলাশৰ পৰা মৈৰ্ত্যলৈ বগা হাঁহ বলিৰে শৰাই আগবঢ়াই আমন্ত্ৰণ কৰি আনে।
ইয়াৰ পাছৰে পৰা থানখনত দৈনিক পুৱা ৯ বজাত পৰা ২ বজালৈ পূজা অব্যাহত থাকে। বৰপূজাৰী বৰঠাকুৰে জনোৱা মতে দুৰ্গোৎসৱৰ ষষ্ঠী পূজাৰ ৰাতিৰ পৰা বগা হাঁহ ছাগলী, কোমোৰা, কুঁহিয়াৰ, আদি বলি দি দেৱী আৰাধনা কৰা হ'ব । নৱমী লৈকে চলিব এই বলি বিধানেৰে দেৱী পূজন । নৱমীত ৯ খন অস্ত্ৰৰে ৯ টা বলি দি চন্ডি পূজা কৰিব বুলিও জানিবলৈ দিলে বৰপূজাৰী বৰঠাকুৰে।
মহাষ্টমীত বিগত প্ৰায় ৩ শতিকা জোৰা পৰম্পৰা অব্যাহত ৰাখি ২ টা গুণা ম'হ বলি দিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে । এইবাৰ দেৱী পূজনত বৰ আই, মাজু আই সৰু আই সহ মুঠ ১০ গৰাকী দেও উঠিব বুলি আশা প্ৰকাশ কৰি ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ সেৱকীয়ে গোঁসানীলৈ উৎসৰ্গা কৰা অগণন হাঁহ, ছাগলীৰে ঐতিহাসিক থান চৌহদ ভৰি পৰা পৰিলক্ষিত হৈছে ।
সাম্প্ৰতিক সময়ত বলি বিধানেৰে দেৱী পূজনৰ বিৰুদ্ধে জনমত সৃষ্টি হোৱাৰ সন্দৰ্ভত ঐতিহাসিক থানখনৰ বৰপূজাৰী গৰাকীয়ে এয়া অসম্ভৱ বুলি কৈ এনে হলে ইয়াৰ কু প্ৰভাৱ ভয়ংকৰ হোৱাৰ ইংগিত দিয়ে ।
Also Read: ইউৰোপীয় সংসদত মণিপুৰৰ ১২ বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া