/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/86a7ccd2-dd10-4380-bccb-d1e998c77fac/dhokuakhana_29.jpg)
ঢকুৱাখনাত আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৭১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ...
ডিজিটেল সংবাদ ঢকুৱাখনা: আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ আধ্যাত্মিক সৃষ্টিৰাজিৰ সাৰ্বজনীন প্ৰচাৰত শতিকাজোৰা প্ৰয়াস অব্যাহত ৰাখি আহিছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘই । আদ্যগুৰুজনাৰ জ্ঞান গুণ গৰিমাৰ কৰ্ষণ মন্থন কৰি বিশাল জনমানসত সম্প্ৰচাৰ কৰি অহা ঢকুৱাখনাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘই পৰম্পৰা মানি গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ভাগি এইবাৰো অনুষ্ঠিত কৰিছে ঢকুৱাখনাত ।
গুৰুজনাৰ ৪৭১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনা নগৰস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ সংস্কৃতিক সংঘ প্ৰাংগণত অনুষ্ঠিত কৰিছে। শনিবাৰে এই আবিৰ্ভাৱ মহোৎসৱ ভাগিৰ উপলক্ষ্যত পৰিবেশ নিকাকৰণ, স্মৃতি তৰ্পণ, ধৰ্মধ্বজা উত্তোলনৰ পাছত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়।
সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ মুখ্য উপদেষ্টা সোমনাথ দাসে শুভ উদ্বোধন কৰে এই শোভাযাত্ৰা। শোভাযাত্ৰাত আদ্যগুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজীৰ উপৰিও বিভিন্ন লোক কলা সংস্কৃতিৰ প্ৰতীকী উপস্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/13033f05-2e63-4b6a-a9bd-429b2faab32a/7ec4d138_70a1_4059_a83e_ee02583fccb4.jpg)
অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘৰ পৰা উলিওৱা এই দৃষ্টিনন্দন বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ঢকুৱাখনা আৰু মাছখোৱাৰ প্ৰায় ২৫ খন গাঁৱৰ কেইবা সহস্ৰাধিক ভক্ত প্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে। দুপৰীয়া ঢকুৱাখনাৰ নগৰাঞ্চল পৰিভ্ৰমণ কৰি পুনৰ সংঘৰ মহোৎসৱথলীত সফল সামৰণি মৰা হয়।
ইয়াৰ পাছতে ভক্তি মঙ্গল ঘোষা শাস্ত্ৰ স্থাপন কৰে সাংস্কৃতিক পেঞ্চনাৰ বৰ পাঠেকী ডিম্বেশ্বৰ দাসে। পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ আবিৰ্ভাৱ স্মৰণ সভা অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/64a096f4-d5d4-4c19-9bc5-479a42e298eb/aa0f6d39_a901_43b3_abe5_4d2e79915099.jpg)
প্ৰবীণ ধৰ্ম সংগঠক, শিক্ষাবিদ সত্য নাথ দাসে উদ্বোধন কৰা এই স্মৰণ সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট সাংস্কৃতিক সাধক মাধৱ কৃষ্ণ দাস আৰু মায়ামৰা সমাজৰ যুৱ বক্তা লোহিত দাসে আদিগুৰুজনাৰ জীৱন দৰ্শন আৰু আধ্যাত্মিক সৃষ্টিৰাজীৰ বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।
বিয়লি গুৰুবাদ্য মৃদং,ভোৰ তালৰ বন্দনাই ভক্ত প্ৰাণ ৰাইজক সন্মোহিত কৰি ৰখাৰ পাছতে সন্ধিয়া সাংস্কৃতিক সংঘৰ নামঘৰীয়া নিৰণ দাসৰ বন্তি প্ৰজ্বলনেৰে মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মৰা হয়।দেওবাৰে এই মহোৎসৱৰ সামৰণি পৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d259af9b-c35e-47df-83f3-a5f3fa0e5071/99dcc460_5c52_48a7_8189_f821b3ebe221.jpg)
Also Read: উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় মোডীজীৰ 'মন কী বাত'