উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় মোডীজীৰ 'মন কী বাত'

উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় মোডীজীৰ 'মন কী বাত'
উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় মোডীজীৰ 'মন কী বাত'
৩০ এপ্ৰিল, ২০২৩ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানে ১০০ টা থণ্ড সম্পূৰ্ণ কৰিব। সেই উপলক্ষে সংগীত শিল্পী অংগৰাগ পাপন মহন্তই মন কী বাত অনুষ্ঠান সন্দৰ্ভত লিখিছে এই লেখা। এইবাৰৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল এই লেখা।

যোগাযোগৰ মাধ্যমসমূহে এখন সমাজৰ বিকাশৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই যোগাযোগৰ মাধ্যমসমূহ বিশেষকৈ ৰেডিঅ'ক আজিৰ সময়তো কিদৰে সঠিক উদ্যেশ্য আৰু সঠিক ধৰণেৰে ব্যৱহাৰ কৰি সমাজলৈ সঠিক তথা সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিব পাৰি, তাৰেই এক আদৰ্শনীয় পদক্ষেপ হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ 'মন কী বাত' শীৰ্ষক জনপ্ৰিয় অনুষ্ঠানটো।

এই অনুষ্ঠানে প্ৰতিফলিত কৰে আমাৰ সমাজ, আমাৰ দেশ, আমাৰ পৰিস্থিতি-পৰিৱেশ তথা প্ৰতিগৰাকী নাগৰিকক। সততে প্ৰচাৰৰ আঁৰত ৰৈ যোৱা সমাজৰ ভিন্ন ক্ষেত্ৰৰ যোদ্ধা তথা প্ৰকৃত নায়কসকলকো মোডীজীয়ে এই অনুষ্ঠানৰ জৰিয়তে দেশবাসীৰ আগত গৌৰৱেৰে চিনাকী কৰাই দিয়াৰ লগতে প্ৰেৰণামূলক বাৰ্তা আগবঢ়াই আহিছে।

তাতোকৈ উৎসাহজনক কথাটো হৈছে এই অনুষ্ঠানটো ইতিমধ্যে কাষ চাপিছে কোটি কোটি শ্ৰোতাৰ। ৰেডিঅ'ক মাধ্যম হিচাপে লৈ আগবঢ়া এই বিৰল অনুষ্ঠানটোৱে ইতিমধ্যে ১০০টা খণ্ড অতিক্ৰম কৰিছে।

ইয়াৰ পৰা স্পষ্ট হয় এই অনুষ্ঠানটো সন্দৰ্ভত মোডীজীৰ দূৰদৰ্শী চিন্তা। ৰাজনৈতিক আদৰ্শক একাষৰীয়াকৈ ৰাখি কেৱল দেশবাসীৰ লগত যোগাযোগ ৰক্ষাৰ বিৰল উদ্দেশ্যৰে যাত্ৰা অব্যাহত ৰখা 'মন কী বাত'ৰ এই সাফল্যত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে সংশ্লিষ্ট সকলোকে অভিনন্দন জনাইছো।

উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় মোডীজীৰ 'মন কী বাত'
ৰংঘৰত বিকৃতকৰণ কৰা কাৰ্যক গৰিহণা আম আদমি পাৰ্টীৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in