সোনাৰী চাপৰিত বোৱাৰী মৃত্যুৰ পাছত উৎখাত অভিযুক্ত ভদ্ৰ দম্পত্তিৰ ঘৰ

সোনাৰী চাপৰিত বোৱাৰী মৃত্যুৰ পাছত উৎখাত অভিযুক্ত ভদ্ৰ দম্পত্তিৰ ঘৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  শনিবাৰে ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কফু ভদ্ৰ আৰু পুতলী ভদ্রৰ ভাৰাতীয়া ঘৰটো উৎখাত কৰিলে ঘৰৰ মালিক পক্ষই। সোনাৰী চাপৰি সদৰত অৱস্থিত হেমেন গগৈৰ মাটিত ভাড়াঘৰ সাজি বাস কৰা ভদ্ৰ দম্পতিৰ অভদ্ৰ কাণ্ডই সমগ্ৰ ঢকুৱাখনা মহকুমা জোকাৰি যোৱা পাছত শনিবাৰে এই উৎখাত অভিযান চলে।

পূৰ্বতে এই পৰিয়ালটোক সমাজৰ পৰা বহিষ্কাৰ কৰা আৰু ভাড়া ঘৰটো উৎখাত কৰাৰ দাবী জনাইছিল। ঢকুৱাখনা সদৰ থানা আৰু সোনাৰী চাপৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া, ভাড়া ঘৰৰ মালিক হেমেন গগৈ, মহিলা সমিতিৰ মহকুমা আৰু আঞ্চলিক নেতৃবৰ্গৰ উপস্থিতিত ঘৰতো ভাঙি তচনচ কৰে। সকলো সা-সম্পত্তি,আচবাব পুতলী ভদ্রৰ ঘৰলৈ লৈ যোৱা হয়।

উল্লেখযোগ্য যে ভদ্ৰ দম্পত্তিক ভাড়া ঘৰৰ পৰা উৎখাত কৰা বাবে মহিলা সমিতিয়ে ভাড়াঘৰৰ মালিকক দুটা দিনৰ সময়সীমা বান্ধি দিছিল। নিৰ্ধাৰিত সময় উকলাৰ পাছতো মালিক পক্ষই ৰাজহুৱা সিদ্ধান্তলৈ কাণসাৰ নিদিয়াত মহিলা সমিতিয়ে ঢকুৱাখনা আৰক্ষীক শনিবাৰে ১২ বজালৈ অন্তিম সময় বান্ধি দিছিল।

উক্ত সময়ৰ ভিতৰত মালিক পক্ষই ৰাজহুৱা সিদ্ধান্ত কাৰ্যকৰী নকৰিলে মহিলা সকলে নিজেই ঘৰটো উচ্ছেদ কৰাৰ সকীয়নি প্ৰদান কৰিছিল। সকীয়নি পোৱা মালিক পক্ষই নিৰ্দিষ্ট সময়ত ঘৰটো উচ্ছেদ কৰিবলৈ বাধ্য হয়। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা কফু আৰু পুতলীৰ আত্মীয়ই আহি ঘৰটো ভাঙি সকলো আচবাব লামলাকটু পুতলীৰ মাতৃ গৃহলৈ লৈ যায়।

উল্লেখ্য যে, সোনাৰী চাপৰিৰ এগৰাকী এটা সন্তানৰ মাতৃক পৰপুৰুষেৰে অবৈধ সম্পৰ্ক থকা বুলি বদনাম জাপি দিছিল সমীপৰে বাসিন্দা পুতলী ভদ্ৰই। এই অপযশ সহিব নোৱাৰি আত্মহনন কৰিবলৈ বাধ্য হৈছিল মহিলাগৰাকী। ঘটনাৰ দুদিন পূৰ্বে ৰাহুল দলে ওৰফে পুতপুত নামৰ এজন লোকজন মহিলা গৰাকীৰ বাৰাণ্ডাত নিশা প্ৰায় ১০-৩০ বজাত আশ্ৰয় লোৱা প্ৰত্যক্ষ কৰিছিল ভদ্ৰ দম্পত্তিয়ে। লোকজনে উক্ত নিশা তাত কিয় আশ্ৰয় লৈছিল সেয়াও এক ৰহস্যৰ বিষয়।

লক্ষণীয় ভাবে উদণ্ড প্ৰকৃতিৰ পুতলীয়ে মৃতকক মৃত্যুৰ দুদিন পূৰ্বে এই ৰাহুল দলেৰ সৈতে গোপন সম্পৰ্ক থকা বুলি দাবী কৰি শাৰীৰিক ভাবে নিৰ্যাতনো চলাইছিল। এই সমস্ত ঘটনা সংঘটিত হোৱাৰ পাছত শাৰীৰিক আৰু মানসিক ভাবে ভাগি পৰা মহিলাগৰাকীয়ে এখন পত্ৰ লিখি আত্মহত্যা কৰিছিল । চিঠিত পুতলীৰ লগতে পুতপুত(ৰাহুল)ৰ নাম লিপিবদ্ধ কৰি অভিযুক্ত সজাই গৈছে । এনেবোৰ তথ্য উপলব্ধ হোৱাৰ পাছতো মুকলি আকাশৰ তলত ঘূৰিছে গেৰুৱা কৰ্মী তথা অভিযুক্ত ৰাহুল দলে ওৰফে পুতপুত।

সোনাৰী চাপৰিত বোৱাৰী মৃত্যুৰ পাছত উৎখাত অভিযুক্ত ভদ্ৰ দম্পত্তিৰ ঘৰ
বটলিফ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে আপৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in