
ডিজিটেল সংবাদ, ঢকুৱাখনা : এখন কলা বৰণৰ মাৰুটি এলট্ৰ' গাড়ীয়ে ঢকুৱাখনা মহকুমাত ত্ৰাস চলাই আহিছে সুদীর্ঘ দিন ধৰি। মহকুমাটোৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত এইখন গাড়ীৰে এটা চোৰৰ দল আহি লুটপাত চলাই আহিছে। বিগত দিনবোৰৰ দৰে বৃহস্পতিবাৰে নিশাও এই বিতৰ্কিত গাড়ীখনত অহা এটা ৪ জনীয়া কলা গেঞ্জী আৰু মাস্ক পৰিহিত চোৰৰ দলে চাফাই অভিযান চলাই সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সোণাৰী চাপৰি অঞ্চলত।
সোণাৰী চাপৰি চাৰিআলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাতুল খনিকৰৰ এটা পকী গুদামৰ দুৱাৰৰ ৩টা তলা ভাঙি যোৱা নিশা প্ৰায় ১-৩০ বজাত চোৰৰ দলটো প্ৰৱেশ কৰে। দোকানৰ পৰা মুঠ ২২ কাৰ্টুন মাজুলীৰ "খুচবো ব্ৰেণ্ড"ৰ মিঠাতেল বাহিৰলৈ উলিয়াই ১৫ কাৰ্টুন গাড়ীত উঠাই বাকী ৭ কাৰ্টুন বাহিৰত ৰখাৰ সময়তে নিশা প্ৰায় ১-৩৫ বজাত সোণাৰী চাপৰি আৰক্ষী চকীৰ খগেন বড়ো (এ.বি.চি)ৰ নেতৃত্বৰ এটা নৈশ তহলদাৰী দায়িত্বত থকা আৰক্ষীৰ দলে গাড়ীখন সন্দেহজনক ভাবে ৰখাই থোৱা দেখি আগবাঢ়ি যাওঁতেই চোৰৰ দলটো আৰক্ষীৰ সন্মুখেৰে ঢকুৱাখনাৰ দিশে তীব্ৰ বেগত পলায়ন কৰে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰৰ দলটোক দেখিও খেদি গৈ ঢকুৱাখনা আৰু সোণাৰী চাপৰি আৰক্ষীক সজাগ কৰি কৰায়ত্ব কৰাৰ সলনি গুদামৰ স্বতাধিকাৰীৰ ঘৰলৈহে আৰক্ষীৰ দলটো গৈ ঘটনাৰ খবৰ দিয়ে। আৰক্ষীৰ উপস্থিতি দেখি চোৰৰ দলটো নিশ্চিত বিপদৰ উমান পাই উধাও হয় যদিও আৰক্ষীয়ে চোৰৰ দলটোক খেদি কৰায়ত্ব কৰাৰ পৰিৱৰ্তে চোৰক সুৰক্ষিত অৱস্থাত আঁতৰি যোৱাৰ সুবিধাহে কৰি দিয়াত অঞ্চলটোত আৰক্ষী আৰু চোৰৰ বুজাবুজিৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে।
উল্লেখ্য যে, সমীপৰ এখন বিলাতী সুৰাৰ দোকানত চিচি টিভিৰ সংযোগ ছিঙি এই দলটো সোমোৱাৰ চেষ্টা কৰিছিল যদিও ভিতৰত ব্যক্তিৰ উপস্থিতিৰ উমান পাই দলটোৱে প্ৰৱেশ নকৰি গুদাম ঘৰটোত চাফাই অভিযান চলাই। সোণাৰী চাপৰি আৰক্ষীৰ ৰহস্যজনক নিষ্ক্ৰিয়তা আৰু সোপাধিলা স্থিতিৰ বাবেই এটা দুধৰ্ষ চোৰৰ গেং নিৰ্বিবাদে পলাই যাবলৈ সক্ষম হোৱাত আৰক্ষীৰ ওপৰত আস্থা বিশ্বাস হেৰুৱাইছে স্থানীয় ৰাইজে।
নৈশ তহলৰ নামত ৰাজকোষৰ ইন্ধন ব্যয় কৰি নামত কৰ্তব্য সম্পন্ন কৰা আৰক্ষীয়ে চোৰক হাতে-লোতে পায়ো পলাই যাবলৈ সুবিধা কৰিহে দিয়া সোণাৰী চাপৰি আৰক্ষীৰ এনে দায়িত্বহীনতাক নাগৰিক সমাজে একেমুখে ধিক্কাৰ দি বিষয়টো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ হস্তক্ষেপ আৰু তদন্ত কামনা কৰিছে।