/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4ca1ed21-9894-4199-84f2-79942c0583fe/Titabor_Dhumuha.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যত প্ৰকোপ গৰমৰ কোবত ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতিৰ পাছত আজি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত ভয়ংকৰ ধুমুহাই উচন কৰে ঘৰ-বাৰী। বিয়লিবেলা অহা ধুমুহাজাকে বিধ্বংসীৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰৰ টিনপাত উৰুৱাই বহুলোকৰ অনিষ্ট কৰে।
ধুমুহাৰ কোবত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ক্ষতিগ্ৰস্ত হয়। তদুপৰি বাট-পথত গছ-বিজুলীৰ খুঁটা আদি বাগৰি পৰাত যাতায়ত বিচ্ছিন্ন হৈ পৰে।
Also Read: গোলাঘাটৰ মৰঙীত অব্যাহত হাতী মানুহৰ সংঘাত...