সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অষ্টাদশ বাৰ্ষিক অধিবেশন সম্পন্ন...

সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অষ্টাদশ বাৰ্ষিক অধিবেশন সম্পন্ন...

author-image
Asomiya Pratidin
New Update
সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অষ্টাদশ বাৰ্ষিক অধিবেশন সম্পন্ন...

সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অষ্টাদশ বাৰ্ষিক অধিবেশন সম্পন্ন...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ সোনাৰী চাপৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অষ্টাদশ বাৰ্ষিক অধিবেশনৰ শনিবাৰে সফল সামৰণি পৰে। বিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বিদ্যালয় পৰিয়ালৰ সহযোগত বিদ্যালয় প্ৰাঙ্গনত যোৱা ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত অধিবেশনৰ শনিবাৰে অন্তিম দিনা পুৱা প্ৰথম কাৰ্যসূচী ভেশচন প্ৰতিযোগিতা ,চিত্ৰাংকণ আৰু স্মৃতি পৰীক্ষা প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহত গৰিষ্ঠ সংখ্যক বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Advertisment

ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা।উজনি মাজুলী খেৰকটা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অজিত খনিকৰে উদ্বোধন কৰা সভাত সভাপতিত্ব কৰে ছাত্ৰ একতা সভাৰ সভাপতি ভদ্ৰ কান্ত গগৈয়ে ।

জনাকীৰ্ণ সভাত মুখ্য অতিথি হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যপক ড০ অমল চন্দ্ৰ দত্ত , নির্দিষ্ট বক্তা হিচাবে উজমি মাজুলী খেৰকটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ অনুপম বৰা বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী, বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ ব্যক্তি উপস্থিত থাকে।

সভাতেই বিগত চাৰিওটা দিনৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগী সকলক বঁটা আৰু প্ৰসংখা পত্ৰ প্ৰদান কৰা হয় ।

Also Read: জামুগুৰিহাটৰ নৱনিৰ্মীত চাৰিলেনযুক্ত পথত দুৰ্ঘটনাঃ দুই ছাত্ৰী আহত...

ঢকুৱাখনা