পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল পুত্ৰৰ : পুত্ৰহন্তা পিতৃয়েও ল'লে চৰম সিদ্ধান্ত

পাৰিবাৰিক কণ্ডল আৰু আৰ্থিক অনাটনৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ !

author-image
Asomiya Pratidin
New Update
পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল পুত্ৰৰ : পুত্ৰহন্তা পিতৃয়েও ল'লে চৰম সিদ্ধান্ত

ডিজিটেল ডেস্ক : নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান লখিমপুৰ। লখিমপুৰত সংঘটিত এই অনাকাঙ্খিত ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জিলাখনত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। আৰ্থিক অনাটনৰ বাবেই সংঘটিত হ'ল এক লোমহৰ্ষক হত্যাকাণ্ড।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি, পিতৃৰ দাৰ ঘাপত নিহত হ'ল এজন যুৱক। ঘটনা সংঘটিত কৰা পিচতে পুত্ৰহন্তা পিতৃয়ে ল'লে আত্মহত্যাৰ দৰে চৰম পন্থা। লখিমপুৰৰ ২নং শেনচোৱা গাঁৱত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা।

জানিব পৰামতে পিতৃ অম্বুৰাম সোণোৱালৰ চোকা অস্ত্ৰৰ আক্রমণত অকাল মৃত্যুক আঁকোৱালি ল'লে পুত্ৰই। পাৰিবাৰিক কণ্ডল আৰু আৰ্থিক অনাটনৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশই।

ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ পিচতে উক্ত স্থানত বগীনদী আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: এখন দলঙে ভাবুকিৰ সৃষ্টি কৰিছে উজনি- নামনিৰ যাতায়ত ব্যৱস্থাত

lakhimpur police crime Assam police