এখন দলঙে ভাবুকিৰ সৃষ্টি কৰিছে উজনি- নামনিৰ যাতায়ত ব্যৱস্থাত

কলিয়াবৰ আৰু বোকাখাত সমষ্টিৰ দুগৰাকী বিধায়ক তথা মন্ত্ৰী থকাৰ পাছতো প্ৰায় দুবছৰে দলঙখনৰ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ নোহোৱাটোত আচৰ্য প্ৰকাশ স্থানীয় ৰাইজৰ
এখন দলঙে ভাবুকিৰ সৃষ্টি কৰিছে উজনি- নামনিৰ যাতায়ত ব্যৱস্থাত

ডিজিটেল সংবাদ,কাজিৰঙা : কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কুঠৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত প্ৰায় দুবছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এখন দলঙে ভাবুকিৰ সৃষ্টি কৰিছে উজনি- নামনিৰ যাতায়ত ব্যৱস্থাত। নিশাৰ ঘন কুঁৱলীহে নালাগে দিনৰ পোহৰতে ঘন ধূলিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে নিৰ্মিয়মান দলঙখনৰ কাষৰ উপ পথটোত ৷

জানিব পৰামতে ঠেক উপ-পথটোৰে দিনে-নিশাই চলাচল কৰিবলগীয়া হৈছে বাছ, এম্বুলেন্স, ট্ৰাককে ধৰি ব্যক্তিগত দুচকীয়া-চাৰিচকীয়া বাহন ৷ দলঙখনৰ দৃশ্য যিয়েই দেখিছে সিয়ে ক'ব- কিমান ভয়ংকৰভাৱে যাত্ৰা কৰিবলগীয়া হৈছে সকলোৱে ৷ এনেবোৰ সমস্যা তথা যান-জঁটৰ মাজতে পথ এৰি দিব লগিয়া হয় মন্ত্ৰী-বিধায়কক ৷

ইফালে দাঁতিকাষৰীয়া এলেকাৰ বাসিন্দাই ধূলিৰ বাবে আক্ৰান্ত হ’ব লগা হৈছে বিভিন্ন ৰোগত ৷ এনে পৰিস্থিতিত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া যে, সকলো ক্ষেত্ৰতে দুৰ্ঘটনা হোৱাৰ পাছতহে গা লৰে চৰকাৰ প্ৰশাসনৰ ৷ তাৰ আগত চৰকাৰ প্ৰশাসনে চকুমুদা কুলিৰ ভাও ধৰে বুলি ভুক্তভোগীয়ে আক্ষেপ প্ৰকাশ কৰে।

কলিয়াবৰ আৰু বোকাখাত সমষ্টিৰ দুগৰাকী বিধায়ক তথা মন্ত্ৰী থকাৰ পাছতো প্ৰায় দুবছৰে দলঙখনৰ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ নোহোৱাটোত আচৰ্য প্ৰকাশ স্থানীয় ৰাইজৰ ৷ তাতে পথটোৰে মুখ্যমন্ত্ৰীৰো থাকে সঘন আহ-যাহ ৷

ইমানৰ পাছতো দলং নিৰ্মাণৰ বিলম্বতাৰ প্ৰতি ভ্ৰূক্ষেপ নাই কাৰোৱেই ৷ সকলোৰে চৰকাৰৰ ওচৰত দাবী যে, অতি সোনকালে দলঙখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰি ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক।

এখন দলঙে ভাবুকিৰ সৃষ্টি কৰিছে উজনি- নামনিৰ যাতায়ত ব্যৱস্থাত
শিলচৰতো ট্ৰাক চালকৰ প্ৰতিবাদ : ভয়ংকৰ আন্দোলন গঢ়ি তোলাল হুংকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in