সোৱণশিৰিৰ বুকুৱেদি চলিছে দুষ্প্ৰাপ্য চিয়াঁ নাহৰৰ চোৰাং সৰবৰাহ

সোৱণশিৰিৰ বুকুৱেদি চলিছে দুষ্প্ৰাপ্য চিয়াঁ নাহৰৰ চোৰাং সৰবৰাহ

ডিজিটেল সংবাদ, লখিমপুৰ: মুখ্যমন্ত্ৰীয়ে নগৰে চহৰে গছপুলি ৰুই বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰিছে আৰু তাৰ বিপৰীতে লখিমপুৰত এফালৰ পৰা এচাম বন দস্যুৱে বনাঞ্চলৰ গছ কাটি তহিলং কৰাই নহয় অবৈধ ভাৱে সৰবৰাহো কৰিছে৷ চৰকাৰৰ পৃষ্ঠপোষকতাত বৃক্ষৰ অমৃত আন্দোলনৰ সময়তে লখিমপুৰৰ দুলুং বনাঞ্চলৰ দুষ্প্ৰাপ্য চিয়াঁ নাহৰ গছ আৰু ধেমাজিৰ সোৱণশিৰি বনাঞ্চলৰ ৰঙা খয়ৰৰ গছৰ চোৰাং সৰবৰাহ তথা অবৈধ ৰমৰমীয়া বেপাৰে সকলোৰে চকু কপাঁলত তুলিছে ৷

পৰিতাপৰ বিষয় যে চৰকাৰী বন বিষয়াৰ পৃষ্ঠপোষকতাতে লখিমপুৰত অবৈধ কাঠৰ ৰমৰমীয়া চোৰাং বেপাৰ গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈছে ৷ এচাম বন বিষয়াই বনদস্যুক বিৰাপ্পানী কায়দাৰে বনধ্বংস কৰিবলৈ অনুজ্ঞাপত্ৰ দি মাহেকীয়া মাচুল লোৱাৰে অভিযোগ উঠিছে এইসকল বন বিষয়াৰ বিৰুদ্ধে৷

বিগত সপ্তাহত অসমীয়া প্ৰতিদিনৰ গোপন কেমেৰাত ধৰা দিছিল কেনেকৈ 'পুষ্পা'ৰূপী বন মাফিয়াই দিন দুপৰতে ৰঙাখয়ৰ সোৱণশিৰিয়েদি সৰবৰাহ কৰে ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই শনিবাৰে পুনৰ অসমীয়া প্ৰতিদিনৰ লেন্সত ধৰা পৰিল এচিয়া মহাদেশত দুস্প্ৰাপ্য কেন্সাৰ প্ৰতিৰোধী ঔষধ তৈয়াৰ কৰিব পৰা চিঁয়া নাহৰৰ গোপন সৰবৰাহ ৷

উল্লেখ্য যে, চিঁয়া নাহৰ এচিয়া মহাদেশৰ ভিতৰত কেৱল লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলতে পোৱা যায় ৷ এচাম বন বিষয়াৰে মিতিৰালি কৰি বন মাফিয়াই এই চিঁয়া নাহৰৰ গৰিষ্ঠ সংখ্যক গছ কাটি ইতিমধ্যে তহিলং কৰিছে ৷

পথালি পাম বনখণ্ডৰ নাতি দুৰৈত সোৱণশিৰিৰ বুকুৱেদি অবৈধ ভাৱে চিঁয়া নাহৰ নিতৌ সৰবৰাহ হৈ আহিছে কিন্তু এই সকলোবোৰ দেখিও নেদেখাৰ ভাও জুৰাৰ অভিযোগ উত্থাপিত হৈছে বন বিষয়াৰ বিৰুদ্ধে ৷

এই চোৰাং বেহা সন্দৰ্ভত স্থানীয় লোকক সোধাত তেঁওলোকে কয় “ আমি বন বিভাগক এই খবৰ বোৰ নিদিও ৷ আগতে দিছিলো৷ তেঁওলোকে কাঠ বোৰ ধৰে আৰু পইচা লৈ এৰি দিয়ে ”। এনেদৰে এতিয়া বন বিভাগৰ জ্ঞাত সাৰেই লখিমপুৰত অবৈধ কাঠৰ চোৰাং ৰমৰমীয়া ব্যৱসায় চলি আছে ৷

এই চোৰাং কাঠসমূহ সোঁৱণশিৰিয়েদি ব্ৰহ্মপুত্ৰৰ মোহনালৈ নি ৰাজ্যৰ বাহিৰলৈ চালান দিয়া হয়৷ জানিব পৰা মতে, প্ৰতিখন নাঁও বা বাঁহৰ ভুৰৰ বাবদ বন বিষয়াই ১০ হাজাৰ টকাকৈ লাভ কৰে ৷ এই বোৰ ঘটনা দেখাৰ পাছতো নিৰৱ দৰ্শকৰ ভাও ধৰাৰ অভিযোগ উঠিছে লখিমপুৰ জিলা বনবিষয়া অশোক কুমাৰ দেৱ চৌধুৰীৰৰ বিৰুদ্ধে ৷ বন বিষয়া গৰাকীৰ নিৰ্বিকাৰ ভুমিকাৰ বাবেই কণিষ্ঠ বনবিষয়াই বন ধ্বংস আৰু চোৰাং বেহাত উদগনি দিয়াৰ অভিযোগো উত্থাপিত হৈছে ৷

সোৱণশিৰিৰ বুকুৱেদি চলিছে দুষ্প্ৰাপ্য চিয়াঁ নাহৰৰ চোৰাং সৰবৰাহ
চতুৰ্থ ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন অসম সন্তান অভিজিৎ বৰুৱাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in