/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/23b8sbt7/web-new.png)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী শিক্ষাগুৰু তিনিটা গুণৰ অধিকাৰী হ’ব লাগে। এইকেইটা গুণ হ’ল নিৰপেক্ষ , নিয়মানুৱৰ্তী আৰু নির্লোভ । মন মগজু আৰু হৃদয়ত এই কেইটা গুণ বান্ধি লৈ কাৰ্যত ব্ৰতী হ’লেহে শিক্ষাগুৰুসকলে উৎকৃষ্ট মানৱ সম্পদ গঢ় দিব পাৰিব ।
এটা জাতি শিৰোনত কৰি জীয়াই থাকিবলৈ এনে গুণসম্পন্ন শিক্ষাগুৰুৰ অতি প্ৰয়োজন। যাৰ জৰিয়তে বিদ্যালয়সমূহে আমাক নিজস্ব ভাষা ,সংস্কৃতি আৰু সাহিত্যৰ অতুল্য অৱদান আগবঢ়াই দিবলৈ সক্ষম হ’ব । - এই মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ ।
দেওবাৰে ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত এক জনাকীৰ্ণ সভাত এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে। ঢকুৱাখনা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ আৰু শিক্ষক ভৱন উদ্বোধনৰ সতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত শইকীয়াই কয়- চন্দ্ৰতো দাগ থকাৰ দৰে সকলোতে বেয়া কাৰক থাকে। কি বিধায়ক ,কি মন্ত্ৰী ,কি শিক্ষক সকলো বৃত্তিতে নগণ্য সংখ্যক বেয়া কাৰক থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/791dzjsp/c0fa1da7-caa7-4bb4-8885-182a40dcd07f.jpg)
সেইবুলি পুৱাৰ পৰা বিয়লিলৈ মানৱ সম্পদ গঢ়াৰ খনিকৰ স্বৰূপ শিক্ষাগুৰুসকলক ৰাজহুৱাভাৱে তুচ্ছ তাচ্ছিল্য কৰি দোষ জাপি দিয়া অশুভ পৰম্পৰা চৰকাৰে এৰিব লাগিব । তাৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যাবোৰৰ আশু সমাধানত ৰজাঘৰীয়াই গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/e22wvhbi/af8069c4-739a-49a5-b3f0-417d2553d1d3.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৯০ৰ দশকত ঢকুৱাখনা মহকুমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলক একেখন মঞ্চত উপবিষ্ট কৰি আত্মপ্ৰকাশ কৰা ঢকুৱাখনা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিৰন্তৰভাৱে শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন উত্তৰণৰ হকে মনোনিবেশ কৰি আহিছে । এনেদৰে প্ৰায় ২৪ বছৰীয়া যাত্ৰা পথ অতিক্ৰম কৰি সন্মিলনীয়ে গৌৰবোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰে।
এই উপলক্ষে দেওবাৰে ৰূপালী জয়ন্তী বর্ষৰ শুভাৰম্ভ কাৰ্যসূচী সম্পন্ন কৰা হয় । বৰ্ষজুৰি উদযাপিত হ’ব লগা এই ৰূপালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠানৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয় । সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰে পতাকা উত্তোলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/c0d2knwn/1b728d4f-a195-4ecb-adb3-165819c89cfb.jpg)
ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সম্পাদক প্ৰশান্ত হাজৰিকাই । পৰৱৰ্তী সময়ত শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আৰু শুভাকাংক্ষীসকলৰ আৰ্থিক অনুদানেৰে নিৰ্মিত শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন কৰে বিধায়ক নৱ দলেয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/2t61f78t/7da82513-2867-412f-98e5-434a965e49fa.jpg)
দুপৰীয়া ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত দুপৰীয়া অনুষ্ঠিত কৰা হয় মুকলি সভা। ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিধায়ক নৱ কুমাৰ দলেয়ে ।
সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত জনাকীৰ্ণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই এঘণ্টাজোৰা মননশীল বক্তব্য আগবঢ়াই উপস্থিত কেইবা শতাধিক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে ।
সভাত জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শইকীয়াই লগতে কয়- চৰকাৰে অৰুনোদইৰ হিতাধিকাৰীক মাহিলী ১৫ শ টকা কাম নকৰাকৈ দিব পাৰে অথচ সেই চৰকাৰে পুৱাৰ পৰাই বিয়লি লৈ খাটি খোৱা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক কিয় ১ হাজাৰ টকাতে বান্ধি চূড়ান্ত প্ৰবঞ্চনা কৰি আহিছে ? এগৰাকী ৰন্ধন কৰ্মীৰ মূল্য এগৰাকী অৰুনোদইৰ হিতাধিকাৰীতকৈ বহু কম বুলি কৈ এনে অবিচাৰৰ বিৰুদ্ধে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি কয় শইকীয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/ea6sq1x1/bc777add-432a-4630-b47d-5f4974f41a68.jpg)
সন্মিলনীৰ ৰাজ্যিক সমিতিৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীযে বক্তব্য ৰাখি কয়- “১৯৮২ চনৰ পৰা সন্মিলনীয়ে বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ দাবীত ধাৰাবাহিক সংগ্ৰাম চলাই আহিছে। শেহতীয়াকৈ কেবিনেটে এক ইতিবাচক পদক্ষেপ লৈছে বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত।
চৰকাৰৰ এই ইতিবাচক সিদ্ধান্তক সন্মিলনীয়ে এগৰাকী সন্তানহীন অভিভাৱকৰ সন্তান লাভৰ আনন্দ বুলি আদৰি লৈছিল। কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বিকলাংগ সন্তানলৈ পতিত হ’ল। কাৰণ চৰকাৰে ১৫০ শিক্ষাৰ্থী থকা বিদ্যালয়কহে প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ।
এয়া মানি লোৱা নহ’ব। কাৰণ ৪০ গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়ৰ যি কাম ৫০০ শিক্ষাৰ্থী থকা বিদ্যালয়ৰ একেই কাম । গতিকে এই ক্ৰুটিপূৰ্ণ নীতি পৰিহাৰ নকৰিলে পুনৰ প্ৰাপ্য বিচৰা সংগ্ৰামৰ বিকল্প নাথাকিব সন্মিলনীৰ ।“
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/5otxxk56/98918e94-07e3-4fd8-812c-3d8bcae0f5da.jpg)
সভাত বিধায়ক নৱ দলে , জীৱন বৰা , গৱেষক ছাত্ৰ হৈমন্ত ঈশান আদিয়ে বক্তব্য আগবঢ়ায় । শিক্ষাৰ্থীসকলৰ ভিন্ন ৰঙী সাংস্কৃতিক কাৰ্যসূচীয়ে জীপাল কৰি তোলা শুভাৰম্ভনি অনুষ্ঠানত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰাকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু শিক্ষাব্ৰতী ৰাইজ উপস্থিত থাকে ।
উল্লেখ্য যে বিদ্যালয়ৰ বৃন্দ গানেৰে মঞ্চ উদ্বোধন কৰা মুকলি সভাৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষক আৰু ডাটাসকলক উষ্ণ আদৰণি জনোৱা হয় । সন্ধিয়ালৈ নৱনির্মিত শিক্ষক ভৱনত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভনি অনুষ্ঠানৰ সামৰণি মাৰে প্ৰাক্তন সম্পাদক দীনেশ কোচ আৰু প্ৰধান শিক্ষক নৰেন শইকীয়াই ।
Also Read: চিৰাঙত পুনৰ জঘন্য ঘটনা : এইবাৰ বহিঃ ৰাজ্যৰ যুৱকৰ কামনাৰ বলি হ’ল নাবালিকা