চিৰাঙত পুনৰ জঘন্য ঘটনা : এইবাৰ বহিঃ ৰাজ্যৰ যুৱকৰ কামনাৰ বলি হ’ল নাবালিকা

চিৰাঙত পুনৰ জঘন্য ঘটনা : এইবাৰ বহিঃ ৰাজ্যৰ যুৱকৰ কামনাৰ বলি হ’ল নাবালিকা

author-image
Asomiya Pratidin
New Update
চিৰাঙত পুনৰ জঘন্য ঘটনা : এইবাৰ বহিঃ ৰাজ্যৰ যুৱকৰ কামনাৰ বলি হ’ল নাবালিকা

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত অঞ্চলত পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। এইবাৰ বহিঃ ৰাজ্যৰ যুৱকে এগৰাকী ৫ বছৰীয়া কণমানিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

ইতিমধ্যে স্থানীয় ৰাইজে ঘটনাৰ অভিযোগত অভিযুক্ত যুৱকজনক কৰায়ত্ব কৰি উত্তম-মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়া বুলি জানিব পৰা গৈছে। অভিযুক্ত যুৱকজন বিহাৰৰ পূৰ্ব চম্পাৰণ জিলাৰ মাধোপুৰৰ বাসিন্দা হাৰুন আনছাৰীৰ পুত্ৰ নুৰছীত আলম ওৰফে কাল্লু (২০) বুলি চিনাক্ত কৰা হৈছে ।

অভিযোগ অনুসৰি যোৱা ১২ ছেপ্তেম্বৰত ধৃত যুৱকজনে কাম কৰি থকা দোকানৰ মালিকৰ কন্যা শিশুগৰাকীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ দিনা দোকান তথা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট যুৱকজনে মালিকৰ ৫ বছৰীয়া কন্যা সন্তানটিৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত ঘটনা ৩দিন আগেয়ে সংঘটিত হৈছিল যদিও ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই লোক লজ্জাৰ বাবে বিষয়টো লুকাই ৰাখিছিল। কিন্তু দেওবাৰে ওচৰ চুবুৰীয়াৰ সহযোগত ভুক্তভোগী পৰিয়ালটিয়ে দাদগিৰি আৰক্ষী চকীত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে ।

ইপিনে কাজলগাঁৱৰ পৰা উচ্চ পদস্থ আৰক্ষী বিষয়াসহ আৰক্ষীৰ দল ঘটনাস্থলী লৈ ৰাওনা হৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সীমান্ত এলেকাত চেপা উত্তেজনাই বিৰাজ কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও বৃহত্তৰ অঞ্চলটিত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।

Also Read: ঐতিহাসিক শ্ৰীশ্ৰী থুকুবিল সত্ৰত নন্দোৎসৱ উপলক্ষে বোকা ভাওনা...

child chirang crime Assam police