সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল ঢকুৱাখনাৰ শোণিত গগৈ, ৰাজশ্ৰী

মহকুমাটোৰ মুঠ ১৩ গৰাকী কৃতিমানে কৃতিত্ব সহকাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল ঢকুৱাখনাৰ শোণিত গগৈ, ৰাজশ্ৰী

ডিজিটেল সংবাদ,ঢকুৱাখনা : অসম অসামৰিক সেৱাৰ দৰে সন্মানীয় আৰু মৰ্যদাপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ গৌৰৱ আজুৰি আনিবলৈ সক্ষম হৈছে ঢকুৱাখনা মহকুমাৰ এগৰাকী যুৱক। তেওঁৰ নাম শোণিত গগৈ।

ঢকুৱাখনা মহকুমাৰ মূৰ্তিয়া গাঁৱৰ চহা ভুবন গগৈ আৰু কুঞ্জলতা গগৈৰ সন্তান শোণিত গগৈয়ে সদ্যঘোষিত এ পি এছ চি পৰীক্ষাৰ চূড়ান্ত ফলাফল অনুসৰি অসম অসামৰিক সেৱাৰ বাবে উত্তীৰ্ণ হৈছে। বিগত ১৫ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় নৌ সেনা বিভাগত নিষ্ঠাবান সেৱা আগবঢ়াই ২০১৯ চনৰে পৰা অসম চৰকাৰৰ ৰাজ্যিক অনুসন্ধান আয়োগত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে সততাৰে সেৱা আগবঢ়াই আছে।

বাল্য কালৰে পৰা প্ৰচুৰ মেধা সম্পন্ন শোণিত গগৈয়ে প্ৰথম প্ৰচণ্ডৰ অসম অসামৰিক সেৱাৰ পদত উত্তীৰ্ণ হবলৈ সক্ষম হয় । স্মৰ্তব্য যে ঢকুৱাখনা মহকুমাৰ ভিতৰত শোণিত গগৈয়ে একমাত্ৰ যুৱক যিয়ে এ চি এছ পদৰ বাবে নিৰ্বাচিত হবলৈ সমৰ্থ হৈছে । ইয়াৰোপৰি মহকুমাটোৰ বকুলগুৰিৰ ৰাজেশ পাতিৰে নিজৰ অধ্যাবসায় আৰু মেধাত্বৰ বলত আবকাৰী পৰিদৰ্শক পদত অধিষ্ঠিত হৈছে।

উল্লেখযোগ্য যে মহকুমাটোৰ প্ৰিয়ংকা চমুৱা, প্ৰীতিমা গগৈ, ধীৰাজ চমুৱা, শিল্পী গগৈ, মানস কোঁ‌ৱৰ, গোবিন্দ টাইদ, চেতনজিৎ বৰগোহাঁই, মেকড'নাল্ড বৰাং, ডিম্পল চমুৱা , মনোজ কুমাৰ মেদক আৰু ৰাজশ্ৰী হাতীবৰুৱাসহ সৰ্বমুঠ ১৩ গৰাকী কৃতিমানে অসম বিত্তীয় সেৱাৰ পদলৈ কৃতিত্ব সহকাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। ঢকুৱাখনা মহকুমাৰ শৈক্ষিক স্বাভিমানৰ অন্যতম আকৰ স্বৰূপ এইসকল মেধাবীৰ সফলতাক লৈ ঢকুৱাখনা মহকুমাবাসী গৌৰবান্বিত আৰু উৎফুল্লিত হৈ পৰিছে।

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল ঢকুৱাখনাৰ শোণিত গগৈ, ৰাজশ্ৰী
হোজাইৰ ৰেচন কাৰ্ড বিতৰণ সভাত মন্ত্ৰী কেশৱ মহন্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in