হোজাইৰ ৰেচন কাৰ্ড বিতৰণ সভাত মন্ত্ৰী কেশৱ মহন্ত

এইখন অকল ৰেচন কাৰ্ড নহয় । ইয়াৰ দ্বাৰা হিতাধিকাৰীসকলে চৰকাৰৰ অন্যান্য উজ্জলা যোজনা, আয়ুস্মান যোজনা আঁচনিৰ সা সুবিধা লাভ কৰিব : কেশৱ মহন্ত
হোজাইৰ ৰেচন কাৰ্ড বিতৰণ সভাত মন্ত্ৰী কেশৱ মহন্ত

ডিজিটেল সংবাদ, মোৰাঝাৰ : হোজাই জিলাৰ নৱ গঠিত ৬২ নং বিন্নাকান্দি সমষ্টিৰ মোৰাঝাৰ খেলপথাৰত বৃহস্পতিবাৰে বিয়লি ৩-০০ বজাত ৰেচন কাৰ্ড বিতৰণ সভা অনুষ্ঠিত হয়। ৰেচন কাৰ্ড বিতৰণ সভাত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মূখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

মন্ত্ৰী মহন্তই অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ খতিয়ান তুলি ধৰি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ গুণগান গায় । বিভিন্ন শিতানত চৰকাৰে কৰা বিভিন্ন কল্যাণমূলক আচঁনিৰ খতিয়ানো দাঙি ধৰে।

ভাষা,জাতি,বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকক চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান চৰকাৰে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত ৬,৭৭৭ টা পৰিয়ালৰ ৫৩,০৬১ গৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে আৰু আজি বিতৰণ কৰা হৈছে ।

পূৰ্বতে বঞ্চিত লোকৰ নাম এইবাৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা লৈ ৰেচন কাৰ্ড বিতৰণ কৰিছে চৰকাৰে । আজি বিতৰণ কৰা এইখন অকল ৰেচন কাৰ্ড নহয় । ইয়াৰ দ্বাৰা হিতাধিকাৰীসকলে চৰকাৰৰ অন্যান্য উজ্জলা যোজনা, আয়ুস্মান যোজনা আঁচনিৰ সা সুবিধা লাভ কৰিব । মন্ত্ৰী কেশৱ মহন্তই মোদী চৰকাৰৰ বাবেই এনে কাম সম্ভৱ হৈ উঠা বুলি মন্ত্ৰী কেশৱ মহন্তই দোহাৰে।

নিৱনুৱাক আত্ম সংস্থাপন তথা ব্যৱসায়ৰ বাবে নগদ ২ লাখ টকা,মহিলা গোটক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী মহিলা লৈ এককালীন সাহায্য হিচাপে ১০হেজাৰ টকা আগবঢ়োৱাৰ ব্যৱস্থা চৰকাৰে লোৱা বুলি ভাষণত উল্লেখ কৰে । সভাত মন্ত্ৰী কেশৱ মহন্তৰ উপৰি বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, হোজাই জিলা এ আই ইউ ডি এফৰ সভাপতি হেলাল উদ্দিন, আকবৰ আলী,হাবিব মোহাম্মদ চৌধুৰী, হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে আদিৰ লগতে বহু নেতা-কৰ্মী ও সহস্ৰাধিক ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয়।

হোজাইৰ ৰেচন কাৰ্ড বিতৰণ সভাত মন্ত্ৰী কেশৱ মহন্ত
বাঁহপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মামণি দিহিঙীয়াৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in