লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি...
লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি...

লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ সমাগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰীক তৎপৰতা গ্ৰহণ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ আৰু ১২ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিতব্য এই দুই চূড়ান্ত পৰীক্ষা উপলক্ষত লখিমপুৰ জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰত জাৰি কৰিছে ১৪৪ধাৰা। 

জিলা আয়ুক্ত তথা জিলা কাৰ্যবাহী দণ্ডাধীশ গায়ত্ৰী দেৱী দাস হাৰলিংয়ে জাৰি কৰা ই ১২৬৭৫/ডি এফ এ/১৯২৫৪৪ নং নিৰ্দেশনা অনুসৰি জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাত ৩ জন বা তাতকৈ অধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰিছে। তাৰোপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত সকলো ধৰণৰ আগ্নেয়াস্ত্ৰ , চোকা অস্ত্ৰ, উচ্চ প্ৰজ্বলক সৰবৰাহ কৰাত সম্পূৰ্ণৰূপে বাধা নিষেধ আৰোপ কৰিছে।

তেনেদৰে পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধত লাউদ স্পীকাৰ, শব্দ সৃষ্টিকাৰী যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি এই নিৰ্দেশনা কঠোৰভাবে বলৱৎ কৰাৰ বাবে সংশ্লিষ্টসকলক নির্দেশ দিছে। অৱশ্যে পৰীক্ষাৰ্থী আৰু পৰীক্ষা কেন্দ্ৰৰ কৰ্তব্যৰ সৈতে জড়িতসকলৰ ক্ষেত্ৰত কিছু শিথিল কৰা হৈছে এই নিষেধাজ্ঞা।

লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি...
নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in