প্ৰবন্ধকৰ ইচ্ছাই আইন ! KCC ঋণৰ নামত দৰিদ্ৰক প্ৰতাৰণা ঢকুৱাখনা এছ বি আইৰ...

প্ৰবন্ধকৰ ইচ্ছাই আইন ! KCC ঋণৰ নামত দৰিদ্ৰক প্ৰতাৰণা ঢকুৱাখনা এছ বি আইৰ...
প্ৰবন্ধকৰ ইচ্ছাই আইন ! KCC ঋণৰ নামত দৰিদ্ৰক প্ৰতাৰণা ঢকুৱাখনা এছ বি আইৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: গ্ৰাম্য দৰিদ্ৰ কৃষিজীৱী পৰিয়ালসমূহক স্বাৱলম্বনৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছে "কৃষান ক্ৰেডিট কাৰ্ড" ঋণ ব্যৱস্থা । গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে কৃষি বিভাগৰ তদাৰকী আৰু সহযোগিতাত গ্ৰামাঞ্চলিয় যোগ্য কৃষকসকললৈ বেংকৰ জৰিয়তে আগবঢ়োৱা এই কে চি চি ঋণ ব্যৱস্থাটো এক চূড়ান্ত প্ৰহসনলৈ পৰ্যবসিত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাৰ বিৰুদ্ধে।

ৰাজহুৱা এক অভিযোগত প্ৰকাশ যে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি শ্ৰমজীৱী পৰিয়ালৰ যাবতীয় নথিপত্ৰৰ বিপৰীতে বেংক কৰ্তৃপক্ষই প্ৰাপ্য কে চি চি ঋণ প্ৰদানৰ বেলিকা ঋণ প্ৰত্যাশীসকলক চূড়ান্ত প্ৰতাৰণা কৰাই নহয় বিগত প্ৰায় ডেৰ বছৰ ধৰি ভোগাই আহিছে অবৰ্ণনীয় হাৰাশাস্তি । "অসমীয়া প্ৰতিদিন ডিজিটেল"ক  ঘিলামৰা কৃষি খণ্ডৰ এনে গৰিষ্ঠ সংখ্যক প্ৰাপ্য বঞ্চিত আবেদনকাৰীৰ হৈ তিলেন দলেয়ে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। 

ভুক্তভোগী
ভুক্তভোগী

দলেয়ে উত্থাপন কৰা অভিযোগ মতে বিভাগীয় সকলো নীতি নিৰ্দেশনা মানি ,ঢকুৱাখনা মহকুমা কৃষি বিভাগত প্ৰয়োজনীয় সকলো নথিপত্ৰসহ ঘিলামৰা কৃষি খণ্ডৰ মাজ পাতৃচুক গাঁৱৰ উপান্ত কৃষক তিলেন দলে ,ঘূণাখুৰাচুক গাঁৱৰ হৰেন মেদক আদিয়ে ঢকুৱাখনা মহকুমা কৃষি বিভাগত প্ৰপত্ৰ জমা দিছিল। মহকুমা কৃষি বিভাগে ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাত উক্ত আবেদনপত্ৰসমূহ যোৱা ২০২১ বর্ষৰ ৩০ নৱেম্বৰত জমা কৰিছিল এই কৃষি ঋণ আৱন্তনৰ বাবে ।

পৰৱৰ্তী সময়ত বেংকটোৰ শাখা পৰিচালক বিনন্দ বিকাশ শইকীয়াই আবেদনকাৰী সকলৰ আবেদন প্ৰ-পত্ৰ পৰীক্ষণ কৰি ঋণ প্রত্যাশী সকলক আশ্বাস দিছিল নিজ নিজ একাউণ্ট যোগে এই ঋণৰ ধনৰাশি শীঘ্ৰে প্ৰদান কৰাৰ । পৰৱৰ্তী সময়ত বেংকত প্ৰয়োজনীয় সকলো যাবতীয় নথিপত্ৰ আৰু দলিল পৰ্যন্ত প্ৰদান কৰি কৰা চুক্তিৰ পাছতো আজি প্ৰায় ডেৰ বছৰে এই ঋণৰ ফুটা কড়ি এটাও নোসোমাল আবেদনকাৰী সকলৰ এজাউন্টত । 

বেংকে উভতাই দিয়া ঋণ প্ৰ-পত্ৰ
বেংকে উভতাই দিয়া ঋণ প্ৰ-পত্ৰ

বড়ো ধানৰ খেতি , গাহৰি পালন, ছাগলী পালনকে ধৰি বিভিন্ন আঁচনিৰে উপকৃত হোৱাৰ লক্ষ্যৰে বেংকৰ শাখা প্ৰবন্ধক শইকীয়াক সমস্ত নথিপত্ৰ প্ৰদানৰ মাহৰ পাছত মাহ উকলাৰ পাছতো কোনো সুদত্তৰ নাপাই আবেদনকাৰীসকলে প্ৰবন্ধকগৰাকীক এই সন্দৰ্ভত সোধাত আজি হ'ব, কাইলৈ হ'ব বুলি দৈনিক আবেদনকাৰীসকলক মাতি আনি যোৱা ডেৰটা বছৰে সীমাহীন যন্ত্ৰণা ভোগালে বুলি ৰাজহুৱা অভিযোগত প্ৰকাশ ।

ঋণৰ ধনেৰে স্বাৱলম্বী হোৱাৰ আশা পালি থকা এইসকল আবেদনকাৰীক দৈনিক ২৫-৩০ কিলোমিটাৰ দূৰৰ পৰা বেংকটোৰ শাখা প্ৰবন্ধকগৰাকীয়ে মাতি আনি বিগত ডেৰ বছৰে সঞ্চিত ধনৰ শৰাধ কৰাৰ পাছত একাংশ আবেদনকাৰীক ঋণ নিদিয়াৰ দম্ভালি মাৰি আবেদন পত্ৰ উভতাই দি অকথ্য মানসিক নিৰ্যাতন চলোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ।

ক্ষুব্ধ আবেদনকাৰী একাংশই প্ৰবন্ধকগৰাকীয়ে বেংকতো পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰাৰ অভিযোগ উত্থাপন কৰি ঋণ দিয়াৰ নামত বছৰজুৰি কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ সন্দৰ্ভত যোৱা ২০২২ চনৰ ৯ জুন আৰু  ১৬ আগষ্টত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু চলিত বৰ্ষৰ ১৯ এপ্ৰিলত লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত স্বতৱানক লিখিত অভিযোগ দাখিল কৰি "চুক্তি" হোৱাৰ পাছতো  বছৰ ধৰি দৰিদ্ৰ কৃষকসকলে প্ৰাপ্য লাভ নকৰা বিষয়টো অৱগত কৰি ন্যায় প্ৰাপ্তিৰ দাবী জনাইছিল।

উপায়ুক্তক দিয়া অভিযোগ
উপায়ুক্তক দিয়া অভিযোগ

পৰৱৰ্তী সময়ত এনেবোৰ শীর্ষ প্ৰশাসনিক বিষয়াই কৃষি বিষয়াৰ জৰিয়তে বেংক কৰ্তৃপক্ষক অৱগত কৰিছিল। কিন্তু কোনো পক্ষকে কেৰেপ নকৰি দাম্ভিক বেংক বিষয়াজনে খেয়াল খুচি মতে কাম কৰি যোৱা বুলি জানিবলৈ দিলে প্ৰবঞ্চিত কৃষকসকলে।

পৰিণতিত প্ৰাপ্য ঋণৰ মুখ নেদেখিলে এনেবোৰ আবেদনকাৰীয়ে । বিগত প্ৰায় ডেৰটা বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ বেংক বিষয়াৰ কথা মতে গাঁঠিৰ ধন বেংকলৈ তাঁত বাতি কৰিও সুফল লাভ নকৰা এইসকল সৰ্বশ্ৰান্ত দুৰ্ভগীয়াই মহকুমাধিপতি আৰু উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পাছতে ক্ষুব্ধ হৈ উঠে বিষয়া শইকীয়া।

বঞ্চিত ব্যক্তিসকলে জনোৱা মতে যোৱা ৭ এপ্ৰিলত উক্ত ব্যক্তিসকলক বেংকলৈ মাতি উন্নাসিক বিষয়াগৰাকীয়ে ঋণৰ বাবে কৰা আবেদন আৰু সমস্ত নথিপত্ৰ উভতাই দি কোনো ঋণ নিদিয়াৰ হুমকি দি আবেদনকাৰীক ককৰ্থনা কৰি খেদি পঠাই। প্ৰজন্ম ধৰি খেতি খোলাৰে উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰা এইসকল কৃষকৰ প্ৰতি চৰকাৰে আগবঢ়োৱা কৃষি ঋণ প্ৰদানত গুৰুত্ব নিদি দাম্ভিক আচৰণৰে চহাক কৰা অভব্য আচৰণত অতিষ্ঠ দৰিদ্ৰ ৰাইজ।

মহকুমাধিপতিক  বঞ্চিতই দিয়া অভিযোগ
মহকুমাধিপতিক বঞ্চিতই দিয়া অভিযোগ

বিগত প্ৰায় ডেৰটা বছৰ ঋণ দিয়াৰ আশ্বাসেৰে নথিপত্ৰ কুক্ষীগত কৰি ৰাখি এতিয়া সকলো উভতাই প্ৰবন্ধকগৰাকীয়ে প্রদর্শন কৰা মতলবি আচৰণৰ বিৰুদ্ধে শীঘ্ৰে প্ৰবঞ্চিত চহাসকলে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিবলৈ দিলে ।

এই ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰি এনে উৰ্ধতালী ৰোধ কৰাৰ লগতে ন্যায় প্ৰাপ্তিৰ আহ্বান জনাইছে আৰু বেংকৰ  শীর্ষ মহলত  অভিযোগ দাখিল কৰাৰ প্ৰস্তুতি চলোৱা বুলিও জানিবলৈ দিলে সংবাদ মাধ্যমৰ আগত ।

প্ৰবন্ধকৰ ইচ্ছাই আইন ! KCC ঋণৰ নামত দৰিদ্ৰক প্ৰতাৰণা ঢকুৱাখনা এছ বি আইৰ...
আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in