আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...

আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...
আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...

ডিজিটেল সংবাদ চিলাপথাৰঃ অহা ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ষষ্ঠদশ বাৰ্ষিক বাৰূৱতী আঞ্চলিক বিহু সন্মিলন। বাৰূৱতী আঞ্চলিক লাচিত যুৱক সংঘৰ প্ৰাঙ্গণত আয়োজিত বিহুৰ প্ৰথমটো দিনা উদযাপন সমিতিৰ উপদেষ্টা বীৰেণ বাৰূৱতীৰ নেতৃত্বত স্বচ্চতা অভিযানৰ পাছত গছপুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰিব শিক্ষক জগত মহন্তই।

বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিক্ৰম গগৈয়ে আৰু সংঘৰ পতাকা উত্তোলন কৰিব বাৰূৱতী আঞ্চলিক লাচিত যুৱক সংঘৰ সভাপতি নৰেশ শইকীয়াই। পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সম্পাদক পবিত্ৰ গগৈয়ে আৰু বৰেণ্য ব্যক্তিসকলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰিব গকুল চন্দ্ৰ শইকীয়া,কেশৱ ফুকন, নিখিল সন্দিকৈ, বুদ্ধেশ্বৰ পাচনি, দুলেশ্বৰ কোঁৱৰ,সাগৰ শইকীয়া আৰু দেবেন ভঁৰালীয়ে।

পুৱা ১০-৩০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাই।দিনৰ ১ বজাত থলুৱা ক্ৰীড়া হাঁহ ধৰা (মহিলা), টেকেলি ভঙা,কণী যুজঁ অনুষ্ঠিত হ'ব।

বিয়লি ২-৩০ বজাত বিহু মঞ্চ উদ্বোধন কৰিব ধেমাজি জিলা পৰিষদৰ সদস্য বাবুল চুতীয়া আৰু বাৰূৱতী আঞ্চলিক জেং বিহু দলে। বিয়লি ৩ বজাত কণমানি বিহুৱতী(১২ বছৰ তলৰ),চেমনীয়া বিহুৱতী,পেঁপা আৰু ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ বিষয়ববীয়া যাদৱ পাচনি আৰু সহযোগ আগবঢ়াব উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে। ২৭ এপ্ৰিলৰ বিয়লি ২-৩০ বজাত বিহু মঞ্চ উদ্বোধন কৰিব আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই আৰু বাৰূৱতী আঞ্চলিক যুৱক হুঁচৰি দলে।

বিয়লি ৩ বজাৰ পৰা চেমনীয়া হুঁছৰি,যুৱক হুঁছৰি আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।অন্তিম তথা ২৮ এপ্ৰিলৰ ৬ বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰিব চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগুয়ে।

উদযাপন সমিতিৰ সভাপতি বিক্ৰম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুবন পেগু, ধেমাজি জিলাৰ উপায়ুক্ত, ধেমাজি জিলা আৰক্ষী অধীক্ষক,ধেমাজি জিলা পৰিষদৰ সভাপতি, আমন্ত্ৰিত অতিথি হিচাপে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া,চিলাপথাৰ আৰু চিমেন চাপৰি আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা,আটাছুৰ মুখ্য উপদেষ্টা,উপ-সভাপতি, টিএমপিকেৰ সাধাৰণ সম্পাদক,কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দ, কেইবাগৰাকী বিশিষ্ট সমাজ কৰ্মী,শিক্ষক উপস্থিত থাকিব।

আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...
নগাওঁ কলেজৰ পৰীক্ষাত ভয়াবহ তথ্যঃ চালানী মাছত ফৰ্মেলডিহাইড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in