/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2dfff073-e6e8-45bd-9739-ec8130c64d3b/5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গনশক্তি অসমৰ ঢকুৱাখনা জিলা শক্তিৰ নৱগঠিত সমিতিখনে শনিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। আঞ্চলিক দলটোৰ ২১ নৱেম্বৰত অনুষ্ঠিত হোৱা ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা ঘিলামৰাত অনুষ্ঠিত প্ৰতিনিধি সভাই গঠন কৰি দিয়া নৰনাথ চন্দীক সভাপতি, মহেন টাইদ, জয়ন্ত বৰগোহাঁই, ভানুমতী পেগু, দেৱেশ্বৰ পেগুক উপসভাপতি, বিদ্যাধৰ বৰা, জীৱন মিলি, পুষ্পা কুলি, দ্বীপেন দলেক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন কৰা ৯৩ জনীয়া সমিতিখনে শনিবাৰে দলৰ গোপনিয়তা ৰক্ষাৰ শপত গ্ৰহণ কৰে আৰু পূৰ্বৰ সমিতিৰ পৰা আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/57937018-1dd5-442d-8389-6108648f7ae7/8d0b4ea3_430e_4286_92c9_fa6a9d354ca2.jpg)
এই সন্দৰ্ভত পশ্চিম ঘিলামৰা ৰাজহুৱা ভৱন প্ৰাঙ্গনত অনুষ্ঠিত সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা গনশক্তি দলৰ কোষাধ্যক্ষ সুনীল কুমাৰ পেগুৱে নব গঠিত জিলা শক্তিৰ সভাপতি সম্পাদক সমন্বিতে দলীয় নেতৃবৰ্গক শপত বাক্য পাঠ কৰোৱায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8eb3d29d-36f7-4966-ab08-ba01c842263d/235971ed_d24a_4d0e_9baf_824a6d1cc692.jpg)
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত জিলা পৰিষদৰ সদস্য ইন্দ্ৰকুমাৰ চুংক্ৰাং, দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু খনিকৰ, উপ সভাপতি হিৰণ্য দত্ত, এম এ চিৰ ২২ নং খেৰকটা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য বিউতি পেগু, ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিৰোমনি দলে, ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী ৩খন ব্লক শক্তিৰ সভাপতি ক্ৰমে লক্ষ্যনাথ দলে, তুলাৰাম কুম্বাং, প্ৰশান্ত নৰহ আৰু বহু সংখ্যক দলীয় নেতৃবৰ্গ উপস্থিত থাকে ।
Also Read: বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা