ডিজিটেল সংবাদ: ঢকুৱাখনা : অসম আৰু অসমীয়াৰ একক আৰু স্বকীয় লোক উৎসৱ ফাটবিহু । ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন এই ফাটবিহুৰ নিজস্ব বাকৰিৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আবন্টন দিছে ২০ কোটি টকা।
সদ্য সমাপ্ত লখিমপুৰ কেবিনেটত অনুমোদন হোৱা এই পুঁজিৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে ফাটবিহুৰ স্থায়ী সমিতিৰ সভাপতি বসন্ত শইকীয়াই । ফাটবিহু সমিতিৰ এনে কৃতজ্ঞতাসূচক বাৰ্তাৰ সমান্তৰালভাৱে শুক্ৰবাৰে এক আদৰণি সমদল উলিওৱা হয় ঢকুৱাখনা নগৰত ।
প্ৰচণ্ড গৰমকো নেওচি সন্মিলিত গণশক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি, অগপৰ ঢকুৱাখনা বিধান পৰিষদ সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত এক বৃহৎ আদৰণি সমদল উলিওৱা হয় । গেৰুৱা দলটোৰ জিলা কাৰ্য্যালয়ৰ পৰা বাহিৰ হোৱা সমদলকাৰী দলীয় নেতা, কৰ্মী , সমৰ্থকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহৎ অৱদানৰ শলাগ লৈ কৃতজ্ঞতাসূচক শ্লোগান দি ৰাজপথ মুখৰিত কৰে ।
ৰাজ্য চৰকাৰৰ মুৰব্বীগৰাকীৰ এনে মহান পদক্ষেপৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলেকো উষ্ম আদৰণি জনাই সমদলকাৰীসকলে নগৰৰ ৰাজপথ অতিক্ৰম কৰি পুনৰ দলীয় কাৰ্য্যালয়ত সমদলৰ সামৰণি মাৰে । ফাটবিহুৰ স্বকীয় গৰিমাক বিশ্ববন্দিত কৰাৰ অভিপ্রায়েৰে ৰাজ্য চৰকাৰে অনুমোদন জনোৱা এই পুঁজিৰ লগতে ঢকুৱাখনাৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়খন ২০০খন বিচনাযুক্ত জিলা পৰ্য্যায়ৰ অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তকো ৰাজনৈতিক দল কেইটাই একেমুখে আদৰণি জনায় ।
উল্লেখযোগ্য যে ঢকুৱাখনাবাসীৰ নিজস্ব লোক সম্পদ ফাটবিহুৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে এক দীৰ্ঘম্যাদী সুপৰিকল্পিত প্ৰকল্প গ্ৰহণৰ আহ্বানেৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে মুখ্যমন্ত্ৰীক গুৱাহাটীত সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত লখিমপুৰ কেবিনেটে এই পুঁজি আবন্টনত অনুমোদন জনোৱাত প্ৰতিগৰাকী ঢকুৱাখনাবাসী উল্লাসিত হৈ পৰিছে ।