ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে লাচিত কুমাৰ দাসক । বৰ্তমানে হোজাই জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত অসম প্ৰশাসনিক সেৱাৰ বিষয়া দাসক ৰাজ্য চৰকাৰে ই চি এফ /৪৫৯৯৪৪ /২৫/ জেদ নম্বৰৰ এক নিৰ্দেশনাযোগে লখিমপুৰ জিলাত জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে ।
ইপিনে লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্ৰী দেৱী দাস হায়লিঙেক বিত্তীয় দপ্তৰৰ যুটীয়া সচিব হিচাপে নিযুক্তি দি বদলি কৰিছে । উল্লেখযোগ্য যে ঢকুৱাখনা নগৰৰ হুজ গাঁওৰ নিবাসী , প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী লীলা কান্ত দাসৰ পুত্ৰ লাচিত কুমাৰ দাসক গৃহ জিলাখনৰ শীর্ষ প্ৰশাসনিক আমোলা হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিয়াত ঢকুৱাখনা মহকুমাবাসী উৎফুল্লিত হৈ পৰিছে ।
দাসৰ নেতৃত্বত গৃহ জিলাখনে সুস্থ আৰু স্বচ্ছ প্ৰশাসনিক সেৱাৰে উদ্ভাসিত হৈ পৰাৰ আশা কৰিছে জিলাখনৰ নাগৰিক ,দল আৰু সংগঠনে ।