ঢকুৱাখনাত এছ এছ টিৰ অভিযানত ১ লাখ ৩৫ হাজাৰ টকা জব্দ...

গোগামুখ -ঘিলামৰা লোকনিৰ্মাণ পথৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈত তালাচী কালত জব্দ এই ধন
ঢকুৱাখনাত এছ এছ টিৰ অভিযানত ১ লাখ ৩৫ হাজাৰ টকা জব্দ...
ঢকুৱাখনাত এছ এছ টিৰ অভিযানত ১ লাখ ৩৫ হাজাৰ টকা জব্দ...

ডিজিটেল সংবাদ ঢকুৱাখনা: যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই অধিক সক্ৰিয় আৰু তৎপৰ হৈ পৰিছে ঢকুৱাখনা জিলা নিৰ্বাচনী বিভাগ।জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু তদাৰকিত পৰিচালিত সমষ্টিটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে সঠিক দিশত আগবঢ়া পৰিলক্ষিত হৈছে।

বিশেষভাবে জিলা নিৰ্বাচনী বিষয়া কলিতাৰ নিৰ্দেশত গঠন কৰা "ষ্টেটিক চাৰ্ভিলেন্স টিম"ৰ উদ্যোগত ঢকুৱাখনা বিধানসভা সমষ্টিটোত ইতিমধ্যে ব্যাপক অভিযান অব্যাহত আছে। বৃহস্পতিবাৰেও এই এছ এছ টিৰ উদ্যোগত চলোৱা অভিযান কালত উদ্ধাৰ হয় মুঠ ১ লাখ ৩৫ হাজাৰ টকা। গোটটোৰ মুৰব্বী দেবেন শইকীয়াৰ নেতৃত্বত চলোৱা এই অভিযান কালত গোগামুখ -ঘিলামৰা লোকনিৰ্মাণ পথৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈ অঞ্চলত বিয়লি চলোৱা তালাচী কালত এই ধন ৰাশি উদ্ধাৰ হয়।

এ এছ ০৭-ডি-৫০০৫ নম্বৰৰ মাৰুটি চুজুকী ৰিটছ গাড়ীত সৰবৰাহ কৰি অনা অৱস্থাত ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চেতিয়া গাঁওৰ দীপক বৰুৱাৰ পত্নী লক্ষহীৰা বৰগোঁহাইৰ পৰা উক্ত ধন ৰাখি উদ্ধাৰ কৰা হয়। অভিযান কালত অসম আৰক্ষীৰ হেড কনিষ্টবল ৰাজেন্দ্ৰ সজাতি, লেন্স নায়ক গগন দত্ত, হাবিলদাৰ সুনীল কোচ আৰু নিৰ্বাচনী সহায়ক কৰ্মচাৰী মুক্তি পায়েঙে সহযোগিতা কৰিছিল। জব্দকৃত ধন ৰাখি বিধিগত প্ৰক্ৰিয়াৰে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ত জমা দিয়া হৈছে।

ঢকুৱাখনাত এছ এছ টিৰ অভিযানত ১ লাখ ৩৫ হাজাৰ টকা জব্দ...
দেওবিলত ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in