ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু...

পলাতক চালক, জব্দ দুৰ্ঘটনা সংঘটিত কৰা বাহন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু...

ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত শুকুৰবাৰে বিয়লি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঢকুৱাখনাৰ টাউন তিনিআলিত প্ৰায় ৫ঃ২৯ বজাত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ঢকুৱাখনা নগৰৰ পৰা টাউন তিনিআলিৰ দিশে আহি থকা এ এছ ০৭/ডব্লিউ/২৭০১ নম্বৰৰ মাৰুটি ৱাগন আৰ গাড়ীখনে তীব্ৰবেগত আহি পথৰ দাঁতিত থকা এজন নিৰীহ পথচাৰীক প্ৰচণ্ড জোৰে খুন্দিয়াই বহু দূৰ চোঁচৰাই নিয়ে।

Advertisment

তাৰোপৰি গাড়ীখনে পথৰ দাঁতিত থকা কেইখনমান ৰখাই থোৱা বাইকত খুন্দিয়াই এখন দোকানো চূৰ্ণকৃত কৰে । পুনৰ পথ অতিক্ৰম কৰি পথৰ দাঁতিত পৰি ৰয়। গুৰুতৰ ভাবে আহত পথচাৰীজন ঢকুৱাখনা বালি গাঁওৰ মুকুল ওজা (৪৫)।

স্থানীয় ৰাইজে ওজাক সংকটজনক অৱস্থাত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। ইপিনে ৰাইজে বাহনৰ চালকজনক চিনাক্ত কৰি আৰক্ষীক অৱগত কৰিছে যদিও চালকজন পলাতক বুলি আৰক্ষীয়ে জনাইছে। অৱশ্যে দুর্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে ।

Also Read: চিৰাঙৰ চাপাগুৰীত বিহাৰৰ ৫ এটিএম প্ৰৱঞ্চকক আটক...

ঢকুৱাখনা পথ দুৰ্ঘটনা