চিৰাঙৰ চাপাগুৰীত বিহাৰৰ ৫ এটিএম প্ৰৱঞ্চকক আটক...

৫৮ টা এটিএম কাৰ্ড, দহটা মোবাইল ফোন আৰু নগদ ধন জব্দ ।
চিৰাঙৰ চাপাগুৰীত বিহাৰৰ ৫ এটিএম প্ৰৱঞ্চকক আটক...
চিৰাঙৰ চাপাগুৰীত বিহাৰৰ ৫ এটিএম প্ৰৱঞ্চকক আটক...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত চাপাগুৰী চাৰিআলিত আৰক্ষীৰ অভিযানত চাৰিচকীয়া বাহনসহ বহিঃৰাজ্যৰ পাঁচজনীয়া সন্দেহজনক এটিএম প্ৰৱঞ্চক চক্ৰৰ সদস্য আটক কৰে। আটকাধীন সন্দেহজনক এটিএম প্ৰৱঞ্চক চক্ৰটোৰ পৰা আৰক্ষীয়ে ডব্লিউ বি ২৬ চি ৬৬২৭ পঞ্জীয়নৰ এখন ৰঙা ৰঙৰ মাৰুতি ৱাগনাৰ বাহন, বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ ৫৮ টা এটিএম কাৰ্ড, ১০ টা মোবাইল ফোন আৰু নগদ ২৮,৫৬০ টকা জব্দ কৰে ।

আৰক্ষীয়ে ধৃত প্ৰৱঞ্চক কেইজনৰ পৰা লাভ কৰা নথিপত্ৰ অনুসাৰে তেওঁলোকক ক্ৰমে নৰেশ কুমাৰ ছাহানী (৩২), নবীন পাছোৱান (২৮), সুধীছ পাছোৱান (৩০), ছাহিব কুমাৰ (২০) আৰু জীতেন্দ্ৰ কুমাৰ (২০) বুলি চিনাক্ত কৰে। ধৃত পাঁচ জনৰে ঘৰ বিহাৰৰ বিভিন্ন জিলাত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে কিছুদিন আগতে বহিঃৰাজ্যৰ পৰা এটিএম প্ৰৱঞ্চকসহ চিলনী চোৰৰ এটা দল অসমৰ বঙাইগাঁও জিলাত আহি উপস্থিত হোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। এই চক্ৰটোৱে ইয়াৰ পূৰ্বেও বঙাইগাঁও জিলাৰ লগতে পাৰ্শ্বৱৰ্তী জিলাসমূহৰ বিভিন্ন এটিএমত প্ৰৱেশ কৰি সহজ, সৰল মহিলা পুৰুষসকলক লক্ষ্য কৰি প্ৰৱঞ্চনাৰে কাৰ্ড ৰদ বদল কৰি ধন লুন্ঠন কৰাৰ উপৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধন লেনদেন কৰা গ্ৰাহকসকলৰ পৰা নগদ ধন কাঢ়ি লৈ পলায়ন কৰাৰ দৰে অপৰাধ সংঘটিত কৰিছিল ।

তেনে এটা এটিএম প্ৰৱঞ্চক চক্ৰ পুনৰ বঙাইগাঁও জিলাত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত বঙাইগাঁও জিলাৰ আৰক্ষীয়ে উক্ত দলটোক আটক কৰিবলৈ অনুসন্ধান আৰম্ভ কৰিছিল। দুদিন আগত বঙাইগাঁও জিলাৰ মানিকপুৰৰ এখন বিত্তীয় প্ৰতিষ্ঠানত কিছু সন্দেহজনক যুৱকৰ দলৰ উপস্থিতি দেখিবলৈ পোৱাত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তত বাহনখনক চিনাক্ত কৰে আৰু বঙাইগাঁও জিলা আৰক্ষীক তথ্য অৱগত কৰে।

বঙাইগাঁও জিলাৰ আৰক্ষীয়ে সেইমৰ্মে চিৰাং জিলা আৰক্ষীৰ সৈতে যোগাযোগ কৰি তালাচী চকীসমূহক সতৰ্ক কৰি দিছিল। আজি গুৱাহাটী দিশৰ পৰা চিৰাং জিলাৰ মাজেৰে গৈ থকাৰ সময়তে চাপাগুৰী ট্ৰেফিক পুলিচে নিৰ্দিষ্ট বাহনখনসহ পাঁচ জনীয়া দলটোক আটক কৰে।

প্ৰথমতে দলটোয়ে নিজকে বিহাৰৰ পৰা কামাখ্যা মন্দিৰ দৰ্শন কৰি বিহাৰ অভিমুখে গৈ আছে বুলি স্বীকাৰোক্তি দিছিল যদিও পিছত বঙাইগাঁও আৰক্ষীৰ সহযোগত বাহনখনত তালাচী চলোৱাত বাহনখনৰ বিভিন্ন গোপন ঠাইত লুকুৱাই ৰখা অবস্থাত বিভিন্ন বেংকৰ মুঠ ৫৮ টা এটিএম কাৰ্ড, মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে।

পিছত বঙাইগাঁও জিলা আৰক্ষীয়ে ধৃত সন্দেহজনক প্ৰৱঞ্চক দলটোক বঙাইগাঁও সদৰ থানালৈ লৈ যায় আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে চক্ৰটোৰ সদস্যসকলক পৃথকে পৃথকে সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

চিৰাঙৰ চাপাগুৰীত বিহাৰৰ ৫ এটিএম প্ৰৱঞ্চকক আটক...
তিনি মাহে সন্ধানহীন দুই পুত্ৰ সন্তানৰ মাতৃঃ সন্ধানপালে খবৰ দিবলৈ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in