ফাট বিহু চাবলৈ আহি যুৱকৰ অকাল বিয়োগ...

ফাট বিহু চাবলৈ আহি যুৱকৰ অকাল বিয়োগ...
ফাট বিহু চাবলৈ আহি যুৱকৰ অকাল বিয়োগ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ফাট বিহুৰ উৎসৱমুখীতাই সমগ্ৰ ঢকুৱাখনা মহকুমা আচ্ছন্ন কৰি ৰখাৰ সময়তে দেওবাৰে নিশা সংঘটিত এক মৰ্মান্তিক পথ দুর্ঘটনাই বিহুৰ উচাহ ম্লান কৰি তুলিছে । ঢকুৱাখনাত দেওবাৰে ফাটবিহু উপভোগ কৰিবলৈ লখিমপুৰ লালুকৰ  ডুবি গাওঁৰ পৰা ঢকুৱাখনালৈ আহি অৱশেষত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এজন সুঠাম  যুৱকে।

যুৱক জনৰ নাম দেৱজিৎ ডেকা । ঘৰ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত ডুবি গাঁওত । ঘটনাৰ বিবৰণি মতে দেওবাৰে ঢকুৱাখনাত ফাট বিহু উপভোগ কৰি সোনাৰী চাপৰিৰ আত্মীয়ৰ ঘৰলৈ গৈ সন্ধিয়া প্ৰায় ৭-১০ বজাত পুনৰ ঘৰমুৱা হৈছিল লালুক ডুবি গাঁওৰ পদুম ডেকাৰ পুত্ৰ দেৱজিৎ ডেকা(২৫)  আৰু সহযোগী  লালুক ডুবি গাঁৱৰে চন্দ্ৰ কোঁৱৰৰ পুত্ৰ বিতোপন কোঁৱৰ।

এ এছ ০৭-এছ- ৫৪১৫  নম্বৰৰ ৰঙা বৰণৰ পালচাৰ এন এছ ১২৫ বাইকেৰে তীব্ৰ গতিত আহি দুয়ো সোনাৰী চাপৰি-খজুৱা লোকনিৰ্মাণ পথৰ ভাটি জালভাৰী গাঁও অংশত থকা  এটা কেঁকুৰী পাৰ হ'বলৈ গৈ পকী দলংৰ ৰেলিংত প্ৰচণ্ড খুন্দা মাৰে। ফলত এই দুৰ্ঘটনাত দুয়োজন যুৱক গুৰুতৰ ভাবে জখম হয় ।

পৰিণতিত বাইক চালক দেৱজিৎ ডেকাই ঘটনাস্থলীতে মৰ্মান্তিক মৃত্যুক সাৱটি লোৱাৰ সমান্তৰাল ভাৱে অন্য গৰাকী আৰোহী বিতোপন কোঁৱৰ গুৰুতৰ ভাবে জখম হয়। স্থানীয় ৰাইজে দুয়োগৰাকীকে উদ্ধাৰ কৰি সোনাৰী চাপৰি আৰক্ষীক খবৰ দিয়াত সোনাৰী চাপৰিৰ আৰক্ষী ছামছুদ্দিন আহমেদে তৎপৰতাৰে গৈ আহত দুয়োকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে।

চিকিৎসালয়ত দেৱজিৎ ডেকা (২৫)নামৰ যুৱকজনক মৃত বুলি  চিকিৎসকে ঘোষণা কৰে । অন্যজন যুৱকক জৰুৰী চিকিৎসা আগবঢ়াই উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে। 

ফাট বিহু চাবলৈ আহি তীব্ৰ বেগত বাইক চলাই এনেদৰে অকাল মৃত্যুক সাৱটি লোৱা মৰ্মান্তিক খবৰে ঢকুৱাখনাৰ লগতে যুৱকজনৰ গৃহভূমি লালুক আৰক্ষী থানাৰ অন্তৰ্গত ডুবি গাঁওত শোকৰ ছাঁ পেলাইছে।

ফাট বিহু চাবলৈ আহি যুৱকৰ অকাল বিয়োগ...
বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in