ঘিলামৰাত ট্রেক্টৰ দুৰ্ঘটনাত কিশোৰৰ অকাল বিয়োগ

ঘিলামৰাত ট্রেক্টৰ দুৰ্ঘটনাত কিশোৰৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত নামনি বৰ্ষামুখ গাঁৱত মঙলবাৰে সংঘটিত এক দুৰ্ঘটনাত এজন কিশোৰৰ অকাল বিয়োগ ঘটে। ভোগালীৰ উচাহৰ মাজতে অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱা কিশোৰজনৰ নাম যতীন টাইড ।

ঘটনাৰ বিবৰণী মতে মঙলবাৰে পুৱা ভেলা ঘৰতে খেলি আছিল নামনি বৰ্ষামুখ গাঁৱৰ বলেশ্বৰ টাইডৰ ১২ বছৰীয়া পুত্ৰ যতীন টাইড। এনেতে একে গাওঁৰে ট্রেক্টৰ চালক বিৰমা টাইদে (৩৫) কিশোৰজনক মাতি আনি ট্ৰেক্টৰত বহিবলৈ কয়। পূৰ্বৰ দৰে মঙলবাৰেও চিনাকি ব্যক্তি গৰাকীৰ আহ্বানলৈ সঁহাৰি দি কিশোৰজন পথাৰত হাল জুৰিবলৈ বুলি ওলোৱা ট্ৰেক্টৰখনত উঠি বহে। ইয়াৰ পাছতে গন্তব্য স্থানলৈ বুলি ওলাই যোৱা ট্রেক্টৰখন আকস্মিক ভাবে পথৰ ওপৰত বাগৰি পৰে । ফলত ট্ৰেক্টৰত বহি থকা চালক বিৰমা টাইড আৰু কিশোৰজনক ট্ৰেক্টৰে চেপি ধৰে।

স্থানীয় ৰাইজে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰি ততাতয়াকৈ দুয়োকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে কিশোৰ গৰাকীয়ে অকাল মৃত্যুক সাৱটি লয়। ইপিনে গুৰুতৰ ভাবে আহত চালক গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

মৃত কিশোৰজনৰ দুৰ্ভগীয়া পিতৃয়ে জনোৱা মতে দুৰ্ঘটনাত পতিত হোৱা ট্রেক্টৰখনৰ যাবতীয় সকলো নথিপত্ৰ উপলব্ধ নহয়। সম্প্ৰতি মৃতদেহটো ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে আৰু ঘিলামৰা আৰক্ষীক যাবতীয় কার্যব্যৱস্থা গ্ৰহণৰ বাবে অৱগত কৰা হৈছে। কিশোৰ গৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ নামনি বৰ্ষামুখ অঞ্চলত শোকৰ ছাঁ পৰিছে।

ঘিলামৰাত ট্রেক্টৰ দুৰ্ঘটনাত কিশোৰৰ অকাল বিয়োগ
কঠীয়াতলীত লক্ষ্মী ফেঁচা উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in