শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

বানপানীৰ পাছতে এতিয়া বানপীড়িতৰ মাজত আন এক সংকট

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

ডিজিটেল সংবাদ শিৱসাগৰ: শিৱসাগৰ জিলাত বিগত এটামাহ ধৰি বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ বাবে জিলাখনৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হয়। বৰ্তমানেও শিৱসাগৰৰ নদীপৰীয়া বহু অঞ্চলৰ হাজাৰ ৰাইজ গৃহহাৰা হৈ নদীৰ পাৰৰ মঠাউৰিত আশ্ৰয় লৈ আছে। বানৰ প্ৰকোপ শাম কটাৰ পাছত জিলাখনত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ  হোৱা দেখা গৈছে।

Advertisment

গ্ৰাম্য অঞ্চলৰ বিভিন্ন জনৰ দেহত বসন্ত, চৰ্দী, কাহ, ছালৰ ৰোগৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া স্বাগতা দত্তই সাংবাদিকক জনোৱা মতে বানপানীৰ পিছত গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগ আৰম্ভ হৈছে।

কিন্তু বানপানীৰ পূৰ্বৰে পৰা সমগ্ৰ জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ। এই ৰোগত বৰ্তমানলৈকে ১৪ জন লোক আক্ৰান্ত হৈছে। তাৰে ভিতৰত ইতিমধ্যে ৩ জন ৰোগীৰ মৃত্যু হৈছে।

জাপানীজ এনকেফেলাইটিছ ৰোগে যাতে জিলাখনত অধিক সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰবাবে আঠুৱা ঔষধিকৰণকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ ব্যৱস্থা মেলেৰিয়া বিভাগে গ্ৰহণ কৰিছে। বানাক্ৰান্ত অঞ্চলসমূহত আবদ্ধ পানীত হোৱা বিষাক্ত মহৰ বংশবৃদ্ধি হ্ৰাস কৰিবলৈ বিভাগৰ তৰফৰ পৰা ঔষধ স্প্ৰে কৰাৰ উপৰিও গ্ৰাম্য অঞ্চলৰ ৰাইজ যাতে ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত নহয় তাৰবাবে আগতীয়াকৈ আশা কৰ্মীৰ জৰিয়তে অ' আৰ এছ পাউদাৰ বিতৰণ কৰা হৈছে।

স্বাস্থ্য কৰ্মী সকলেও বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ কেনেদৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভতো সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শিৱসাগৰ জিলা মেলেৰিয়া বিষয়াগৰাকীয়ে মন্তব্য কৰিছে।

Also Read: বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ কেইবাজনৰো মৃত্যু, আক্ৰান্তৰ অধিকাংশই শিশু, কিশোৰ...

জাপানীজ এনকেফেলাইটিছ