ঢকুৱাখনাত পথ দুৰ্ঘটনাই প্ৰাণ ল'লে ৩ জনৰ

ঢকুৱাখনাত পথ দুৰ্ঘটনাই প্ৰাণ ল'লে ৩ জনৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঢকুৱাখনা-ঘিলামৰা সংযোগী ৰাজ্যিক ঘাইপথত সোমবাৰে বিয়লি সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুর্ঘটনা। এই দুৰ্ঘটনাত ৩জন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে এগৰাকী কিশোৰীসহ এজন গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা ঘিলামৰা দিশৰ পৰা অহা এখন বাইক আৰু ঘিলামৰা-ঢকুৱাখনা অভিমুখে আহি থকা আন এখন বাইকৰ মাজত হিলৈদাৰী গাঁৱৰ অংশত মুখামুখী সংঘৰ্ষ হয় । তীব্ৰবেগী বাহন দুখনৰ  প্ৰচণ্ড খুন্দাৰ ফলত দুগৰাকী ব্যক্তিৰ থিতাতে কৰুণ মৃত্যু ঘটে ।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত আহত এজন যুৱক,এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু ঘটে । প্ৰাথমিক চিকিৎসাৰ পাছত গুৰুতৰভাৱে এজন আহতক উন্নত জৰুৰীকালীন চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

অদ্যপি নিহত আৰু আহতসকলক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্য,কাৰ্যবাহী দণ্ডাধীশ আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি উপস্থিত হৈ নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা আৰু আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ।

উল্লেখ্য যে গোগামুখ অভিমুখী বাইকত প্ৰায় ৪ বছৰীয়া এটি কন্যা সন্তানসহ এটা পৰিয়াল আহি আছিল আৰু পৰিয়ালটোৰ কিশোৰী গৰাকী সৌভাগ্যক্ৰমে সামান্য আহত হৈছে যদিও অন্য দুগৰাকী ব্যক্তিৰ অকাল মৃত্যু ঘটিছে। ইফালে ঘটনা সংঘটিত হোৱা বাইক দুখন ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ যায়।

ঢকুৱাখনাত পথ দুৰ্ঘটনাই প্ৰাণ ল'লে ৩ জনৰ
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন নগাঁও ৰাজহ বিভাগৰ : কলিয়াবৰত মৌন প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in