/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f1ab4a56-402d-4ad2-a7eb-6b292d4c8f82/77.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মইনাপৰা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দেৱযানী দত্তক বৃহস্পতিবাৰে অৱসৰকালীন সম্বর্ধনা জনোৱা হয়। বিদ্যালয়ৰ পৰিয়ালৰ উদ্যোগত বিদ্যালয় প্ৰাংগনত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখন অৱসৰকালীন বিদায় সভা । ১৯৯৫ চনতে শিক্ষকতাৰ বৃত্তিত যোগদান কৰি ২০২৪ চনলৈ সুদীৰ্ঘ ২৮ বছৰ কাল অতি নিষ্ঠাৰে আৰু সততাৰে শিক্ষাদান কৰি শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অমূল্য সেৱাৰ স্বীকৃতি স্বৰূপে দত্তক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ, লগতে এই বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলৰ তৰফৰ পৰাও উষ্ণ সম্বৰ্ধনা জনোৱা হয়।
বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী নীলিমা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুসুম সোনোৱালে ৷ সহকৰ্মী দত্তৰ কৰ্ম জীৱনৰ শ্রদ্ধাশীল ৰোমন্থন কৰি প্ৰধান শিক্ষয়িত্ৰী সোনোৱালে দত্তৰ সময়ানুৱৰ্তীতা , কৰ্তব্য নিষ্ঠা ,শিকন পদ্ধতি আৰু দায়িত্ববোধ বিদ্যালয় পৰিয়ালৰ বাবে সদায় অনুকৰণীয় হৈ ৰব বুলি কয়।
সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী ,অভিভাৱক সমাজকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে দত্তৰ কৰ্মজীৱনৰ আদৰ্শনীয় দিশ সামৰি বক্তব্য ৰাখে। সভাতেই অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী দত্তক সম্বর্ধনা পত্ৰ, চেলেংচাদৰ, গামোচা, ফুলৰ থোপা, গ্ৰন্থ সম্ভাৰ আদিৰে সম্বৰ্ধনা জনায় ভৱিষ্যতৰ দিনটো বিদ্যালয়ৰ সতে সম্পৃক্ত হৈ থকাৰ আহ্বান জনায় সুস্থ আৰু সুদীর্ঘ জীৱন কামনা কৰে। সভাত বিদায়ী শিক্ষয়িত্ৰী দত্তয়ো অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই আবেগিক হৈ পৰে।