প্ৰতিদিনৰ বাতৰিয়ে মৰটোপনি ভাঙিলে শিক্ষা বিভাগৰঃ শিক্ষকবিহীন মধ্য সোৱণশিৰি বালিকা এম ই স্কুলে পালে শিক্ষক

প্ৰতিদিনৰ বাতৰিয়ে মৰটোপনি ভাঙিলে শিক্ষা বিভাগৰঃ শিক্ষকবিহীন মধ্য সোৱণশিৰি বালিকা এম ই স্কুলে পালে শিক্ষক

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অৱশেষত মৰটোপনি ভাগিল লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ। মাহ মাহ ধৰি মধ্য সোৱণশিৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত এজন মাত্ৰ শিক্ষকেৰে পাঠদান কৰাই চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাটোক ধোঁৱা চাঙত তুলিছিল জিলা আৰু বৰদলনি শিক্ষা বিষয়াৰ কাৰ্য্যালয়ে । এই এজনীয়া শিক্ষকেৰে পৰিচালিত এম ই স্কুলখনৰ একমাত্ৰ শিক্ষক গৰাকী যোৱা ৩১জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

কিন্তু অকমন্য শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ বাবে অৱসৰ গ্ৰহণৰ পূৰ্বে কোনো শিক্ষকক শিক্ষা বিভাগে নিযুক্তি নিদিয়াৰ পৰিপ্ৰেক্ষিতত অৱসৰ গ্ৰহণৰ দিনা প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিবলৈ সক্ষম নহ'ল বিদায়ী প্ৰধান শিক্ষক দিগন্ত পগাগ।

চৰকাৰী খণ্ডৰ এখন এম ই স্কুলৰ এনে শিক্ষকবিহীন লাও লোৱা অৱস্থাৰ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ২৯জানুৱাৰীত এক বাতৰি প্ৰকাশ হয় । বাতৰি প্ৰকাশৰ পাছতে নিজৰ উলংগ স্বৰূপ উন্মোচিত হোৱা জিলা প্ৰাথমিক শিক্ষা বিভাগ আৰু বৰদলনি খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ থৰকাচুটি হেৰাই কটা যোৱা নাক বচাবলৈ। তাৰেই অংশ হিচাবে জিলা শিক্ষা বিষয়াই তাৎক্ষণিক ভাৱে বৰদলনি খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ নিৰ্দেশনা জাৰি কৰে  শিক্ষক বিহীন বিদ্যালয়খনত এগৰাকী শিক্ষক নিযুক্তিৰ বাবে।

জিলা শিক্ষা বিষয়াৰ ডি ই ই অ/ ট্ৰেন্সফাৰ /১-২০০২/৫৬৩০ নং নিৰ্দেশনা অনুসৰি বেবেজিয়া এম ভি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী প্ৰণিতা টাও বৰাংক মধ্য সোৱণশিৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সেৱা আগবঢ়াই যাবলৈ নিযুক্তি দিছে । বিভাগীয় নিৰ্দেশনা মানি বৃহস্পতি বাৰে নব নিযুক্ত শিক্ষয়িত্ৰী গৰাকীয়ে নতুন কৰ্মস্থানত যোগদান কৰি পূৰ্বৰ অবসৰী প্ৰধান শিক্ষক গৰাকীৰ পৰা দায়িত্ব ভাৰ গ্ৰহণ কৰিছে। অতি তাৎপৰ্যপূৰ্ণ বিষয় হ'ল এম ই স্কুলখনৰ শিক্ষাৰ্থী সকলৰ ৬ টাকৈ বিষয়ৰ শিক্ষাদান কৰিবলৈ পৰ্যাপ্ত শিক্ষকক নিযুক্তি দিয়া নাই শিক্ষা বিভাগে। ফলত গুণগত শিক্ষা লাভৰ পৰা গ্ৰামাঞ্চলিয় শিক্ষাৰ্থী সকল বঞ্চিত হৈ আহিছে।

এই সন্দৰ্ভত সদৌ মিচিং ছাত্ৰ সন্থাৰ সোৱণশিৰী আঞ্চলিক সমিতিয়ে  লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বৰদলনি প্ৰাথমিক শিক্ষা বিষয়াক তৎকালে এগৰাকী হিন্দী বিষয়ৰ শিক্ষক আৰু এগৰাকী বিজ্ঞান শিক্ষকক বিদ্যালয়খনত নিযুক্তি দিয়াৰ দাবী জনাইছে।

প্ৰতিদিনৰ বাতৰিয়ে মৰটোপনি ভাঙিলে শিক্ষা বিভাগৰঃ শিক্ষকবিহীন মধ্য সোৱণশিৰি বালিকা এম ই স্কুলে পালে শিক্ষক
জামুগুৰিহাটত দুষ্প্ৰাপ্য এজাক ভাটৌ চৰাইৰ নান্দনিক দৃশ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in