/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b867c13d-b2e1-4d2e-89b2-b4548446a915/6.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: স্বাভিমানী ঢকুৱাখনাৰ সম্ভ্রমী ইতিহাসৰ সমুজ্জল নক্ষত্ৰস্বৰূপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰী ন্যায়াধীশ প্ৰভাত চন্দ্ৰ ফুকন আৰু নাই । প্ৰায় ৮৭ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত সোমবাৰে নিশা গুৱাহাটীত ফুকনৰ দেহাৱসান ঘটে। কিছুদিন পূৰ্বে ভৰিত আঘাট প্ৰাপ্ত হোৱাত কিছু ৰোগত আক্ৰান্ত বিশিষ্ট ব্যক্তি গৰাকীক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিছুদিন ধৰি চিকিৎসা কৰি থকা অৱস্থাতে যোৱা নিশা প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।
ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁও নিবাসী প্ৰাক্তন পুলিচ হাই কমিছনাৰ ৰায় বাহাদুৰ গোপাল ফুকনৰ দ্বিতীয় পুত্ৰ প্ৰভাত চন্দ্ৰ ফুকনে শ্বিলংৰ চেইণ্ট এডমাণ্ডচ কলেজৰ পৰা স্নাতক সন্মান অর্জন কৰি গুৱাহাটীৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে লখিমপুৰ জিলাত জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি গৈছিল।
ফুকন গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকা অৱস্থাতে ২০০২ চনৰ ২ এপ্ৰিলত ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ গৃহ উদ্বোধন কৰি মহকুমাটোত ন্যায়িক সেৱাৰ উপলব্ধ কৰি আদালতৰ কাম কাজৰ শুভাৰম্ভ কৰিছিল। ঢকুৱাখনাৰ এইগৰাকী দিগগজ ব্যক্তিৰ বিয়োগত জন্মভূমি কোঁৱৰ গাঁওৰ আত্মীয় স্বজনৰ লগতে সমগ্ৰ মহকুমাটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত ফুকনে পত্নী কৃষ্ণা গগৈ ফুকন সহ দুই পুত্র আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us